ছয়গাঁৱত টিকট প্ৰদানৰ নামত বিধায়ক ৰেকিবুদ্দিনৰ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ

ছয়গাঁৱত টিকট প্ৰদানৰ নামত বিধায়ক ৰেকিবুদ্দিনৰ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ

ডিজিটেল সংবাদ, গৰৈমাৰীঃ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া চলি থকাৰ সময়তে যোৱা নিশা ছয়গাঁৱৰ হাতীপাৰা চাৰিআলি চ'কত টিকটৰ বাবে প্ৰদান কৰা ধন বিচাৰি প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত একাংশ কংগ্ৰেছ কৰ্মীয়ে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকক ঘেৰাও কৰাত অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

ঘটনাৰ বিৱৰণীমতে সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে আচলপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ বাবে ছলেমান নামৰ কংগ্ৰেছ কৰ্মী এগৰাকীয়ে দলীয় প্ৰাৰ্থিত্ব বিচাৰি বিধায়ক ৰেকিবুদ্দিন আহমেদৰ কাষ চাপে৷ বিধায়কগৰাকীয়ে দলীয় টিকটৰ বাবদ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা পাঁচ লাখ টকা দাবী কৰি উক্ত ধনখিনি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাকৰ ওচৰত আদায় দিবলৈ কয়৷ সেইমতে কংগ্ৰেছী যুৱকজনে ইতিমধ্যে আব্দুৰ ৰেজ্জাকৰ হাতত পাঁচ লাখ টকা আদায়ো দিয়ে৷ শেষ মুহুৰ্তত ছলেমান নামৰ যুৱকগৰাকী দলীয় টিকটৰ পৰা বঞ্চিত হোৱাত ইতিমধ্যে আদায় দিয়া উৎকোচৰ ধনখিনি বিচাৰি যোৱা নিশা হাতীপাৰা চাৰিআলি চ'কত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাকৰ ব্যক্তিগত বাহনসহ ঘেৰাও কৰে৷

ইপিনে আব্দুৰ ৰেজ্জাকে ধনখিনি আদায় দিব নোৱাৰাত একাংশ উত্তেজিত ৰাইজে তেওঁৰ ব্যক্তিগত বাহনখনৰ ব্যাপক ক্ষতি সাধন কৰে৷ অৱশ্যে ৰাইজৰ ৰোষৰ পৰা যুৱ কংগ্ৰেছৰ সম্পাদকগৰাকী পলায়ন কৰিবলৈ সক্ষম হয়৷ পিচত ছয়গাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ উল্লেখ্য যে ছয়গাঁৱৰ পূৱ ছমৰীয়া আৰু গৰৈমাৰী মৌজাত পঞ্চায়ত নিৰ্বাচনত এইবেলি কংগ্ৰেছৰ দলীয় টিকট প্ৰদানৰ নামত বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা লাখ লাখ টকা উৎকোচ লোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in