চিয়াঙত মহাপ্ৰলয়ৰ আগজাননী জাৰি প্ৰশাসনৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ইটানগৰঃ চীন-অৰুণাচল সীমান্তৰ নুক্সিয়া হাইদ্ৰ'লজিকেল ষ্টেচনৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ তললৈ চাংপো নদীত হোৱা ভয়াবহ ভূমিস্খলনৰ ফলত চাংপো নদীখনৰ পানী আবদ্ধ হৈ পৰিছে ৷ যাৰ বাবে য়াৰলং চাংপো নদীৰ পানীয়ে মিলিন নামৰ ঠাইখনত পাহাৰৰ মাজত আবদ্ধ হৈ সাগৰ সদৃস ৰূপ ধাৰণ কৰিছে ৷

নদীৰ স্বাভাবিক সোঁত বন্ধ হৈ যোৱা বাবে অৰুণাচলৰ চিয়াং নদীৰ জলস্তৰ যোৱা ১৬ অক্টোবৰৰ তুলনাত প্ৰায় দুই মিটাৰ হ্ৰাস পাইছে ৷ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে, প্ৰাকৃতিকভাবে নদীত বান্ধ সৃষ্টি হৈছে আৰু এই বান্ধ হঠাতে ভাগি পৰাৰ সম্ভৱনাই বেছি ৷ যিকোনো মুহূৰ্ততে ভাঙি পৰিব পৰা এই বান্ধটোৰ পানীয়ে চিয়াঙৰে বৈ আহি অসম-অৰুণাচলৰ নদী পাৰৰ বহু গাঁও উটুৱাই লৈ যোৱাৰ ভাবুকি সৃষ্টি হৈছে।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ প্ৰধান উৎস এই চাংপো নদীৰ পৰাই তিব্বতৰ পৰা অৰুণাচল প্ৰদেশৰ য়িংকিয়ং হৈ চিয়াং নামেৰে বৈ আহিছে আৰু অসমৰ জোনাইৰ ওচৰত ব্ৰহ্মপুত্ৰ নাম লৈছে ৷ অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ উপায়ুক্ত টামিঅ' টাটাকে বৃহস্পতিবাৰে জাৰি কৰা এক নিৰ্দেশত চিয়াং নদীৰ পৰিবৰ্তনৰ কথা স্পষ্ট হৈ পৰিছে ৷

চীন চৰকাৰেও ভাৰত চৰকাৰক লিখিতভাবে এই সন্দৰ্ভত তথ্যৰ যোগান ধৰিছে ৷ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় জল আয়োগে অৰুণাচল চৰকাৰক চীনে যোগান ধৰা তথ্য প্ৰেৰণ কৰি সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে ৷ জিলা উপায়ুক্তই চিয়াঙৰ পাৰৰ গাঁওসমূহৰ বাসিন্দা সকলক নদীত গা ধোৱা, মাছ মৰা, নাও চলোৱা আদি কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰিছে ৷

সম্ভাব্য জল মহাপ্ৰলয়ৰ বাবে চিয়াং উপত্যকাৰ সকলো জিলা প্ৰশাসনক সাজু থাকিবলৈ নিৰ্দেশ দিছে অৰুণাচল প্ৰদেশ চৰকাৰে ৷ উল্লেখ্য যে, ২০০০ চনৰ ১১ জুনতো চিয়াঙত চাংপো নদীৰ আবদ্ধ পানী হঠাতে বৈ অহা বাবে ভয়াবহ বানপানীৰ লগতে প্ৰলয়ৰ সৃষ্টি হৈছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in