পঢ়া-শুনা খৰচ উলিয়াবলৈ চিৰাঙৰ ছাত্ৰই চলাইছে ই-ৰিক্সা…

পঢ়া-শুনা খৰচ উলিয়াবলৈ চিৰাঙৰ ছাত্ৰই চলাইছে ই-ৰিক্সা…

ডিজিটেল সংবাদ, চিৰাং: সাধাৰণতে উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত কোনোবাই চাইকেল চলাই আহে কিছুমানে আকৌ স্কুটী বা মটৰচাইকেল চলাই অহাটো এটা সাধাৰণ কথা। কিন্তু বাসুগাঁৱত এজন ছাত্ৰই নিতৌ চাইকেল, স্কুটী বা মটৰচাইকেলৰ সলনি ই-ৰিক্সা চলাই শিক্ষানুষ্ঠানত আহে। কিন্তু প্ৰশ্ন হয় ই-ৰিক্সা লৈ কিয় শিক্ষানুষ্ঠানত আহে ছাত্ৰজনে?

চিৰাং জিলাৰ বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰ সিৰাজুল হকে প্ৰতিদিনে ই-ৰিক্সা বা ট'টো ( স্থানীয় ভাষাত ট'টো ) নিজে চলাই বিদ্যালয়ত আহে। যিখন শিক্ষানুষ্ঠানত অন্য ছাত্ৰ-ছাত্ৰী সকলে চাইকেল, স্কুটী বা মটৰচাইকেল চলাই শিক্ষানুষ্ঠানত আহে তাৰ বিপৰীতে সিৰাজুল হকে কিয় ই-ৰিক্সা লৈ আহিব লগাত পৰিছে ।

এই সন্দৰ্ভত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ ছাত্ৰ সিৰাজুল হকে কয় যে তেওঁলোকৰ ঘৰ বাসুগাঁও চহৰৰ পৰা দুই কিলোমিটাৰ দুৰত্বৰ কচুদোলা গাঁৱত । এইবেলি মেট্ৰিক পাছ কৰাৰ পিছত শিক্ষনুষ্ঠানত দৈনিক অহা-যোৱা কৰাৰ সুবিধাৰ কাৰণে দেউতাকৰ পৰা চাইকেল এখন কিনি দিবলৈ দাবী কৰিছিল । তেওঁৰ দেউতা আব্বাছ আলী এজন ই-ৰিক্সা চালক । ই-ৰিক্সা চলাই কোনোমতে ছজনীয়া সদস্য থকা পৰিয়ালৰ পোহ পাল দিয়া দেউতাকৰ দ্বাৰা চাইকেল এখন কিনি দিয়া দুৰৰ কথা ছিৰাজুলৰ পঢ়া খৰচ বহন কৰা তেওঁৰ পক্ষে সম্ভৱপৰ হৈ উঠা নাছিল ।

যাৰ কাৰণে ছিৰাজুলৰ পঢ়াশুনা বাদ দিলে ঋণ লৈ পুৰণি ই-ৰিক্সা এখন কিনি দিব, চলাই পৰিয়ালক সহায় কৰাৰ পৰামৰ্শ আগবঢ়ায় । কথা মতে কাম দেউতাকে চাইকেলৰ বিপৰীতে পুৰণি ই-ৰিক্সা এখন কিনি দিলে । ছিৰাজুল হকে যোৱা ছয় মাহ ধৰি ই-ৰিক্সা চলাই উপাৰ্জন কৰি পৰিয়ালক সহায় কৰি আছিল আৰু কোৰোনা কালৰ কাৰণে বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহ পুণৰ খোলাৰ পিছত সিৰাজুল হকে চাইকেল নথকাৰ কাৰণে প্ৰতিদিনে ই-ৰিক্সা চলাই শিক্ষানুষ্ঠানত আহে আৰু শিক্ষানুষ্ঠান ছুটি হোৱাৰ পিছত বিয়লি দুই বজাত ঘৰৰ গৈ ইউনিফৰ্ম খুলি নিজৰ গাঁও কচুদোলাৰ পৰা বাসুগাঁও চহৰত আহি সন্ধিয়া ছয় বজালৈ ভাৰা মাৰি পুনৰ ঘৰত উভতি গৈ অধ্যয়ন কৰাত লাগি পৰে । কেতিয়াবা পুৱাৰ ভাগতো ভাৰা লৈ ওলাই আহিব লগাত পৰে ।

সিৰাজুলৰ পিতৃয়ে কয়- ই-ৰিক্সা চলাই উপাৰ্জন কৰি পৰিয়ালক সহায় কৰাৰ লগতে সামান্তৰাল ভাৱে নিজৰ অধ্যয়ন চলাই যোৱাত তেওঁৰ কোনো ধৰণৰ লাজ শংকা বোধ হোৱা নাই বুলি সদৰি কৰে । সিৰাজুল হকে এতিয়া ই-ৰিক্সা চলাই পকেট খৰচৰ উপৰি নিজৰ অধ্যয়নৰ সমগ্ৰ খৰচ পাতি নিজেই উলিয়াই লয় বুলি প্ৰকাশ কৰে । পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে পঢ়াশুনা আধাতে এৰিব লগা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ছিৰাজুল হকৰ এই দৃষ্টান্ত আদৰ্শ স্বৰূপ কলেও ভুল নহ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in