উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ মহকুমাধিপতি…

উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ মহকুমাধিপতি…

ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ কাজলগাঁৱৰ মহকুমাধিপতি জয়ন্ত সৰকাৰক বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী বিষয়া ৱাই টি গ্যাটছোৰ নেতৃত্বত যোৱা এটা দলে। ধনঞ্জয় বৰ্মন নামৰ চিৰাঙৰ এজন লোকৰ পৰা ২০ হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় মহকুমাধিপতিগৰাকীক।

ছিদলী আৰক্ষী থানাত ধনঞ্জয় বৰ্মন আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ৰুজু কৰা এক এজাহাৰত তেওঁলোকৰ সপক্ষে হোৱাৰ বাবে মহকুমাধিপতি সৰকাৰে ১ লাখ টকাৰ উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰী ধনঞ্জয়ে। লগতে তেওঁ জনাই যে, বহু কাকতি-মিনতী কৰাৰ পাছত তেওঁ ১ লাখৰ বিপৰীতে ২০হাজাৰ টকা ল'বলৈ সন্মত হয়, যাতে ছিদলী সমবায় সমিতি ধনঞ্জয়ৰ পত্নী সবিতা বৰ্মনৰ নামত পৰিচালনা কৰাৰ বাবে মহকুমাধিপতিগৰাকীয়ে মঞ্জুৰি দিয়ে।

মন কৰিব লগা যে, উৎকোচৰ দাবী কৰা মহকুমাধিপতিগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ধনঞ্জয় বৰ্মনে দুৰ্নীতি নিৰ্বাৰক শাখা চমুকৈ এচিবিক অভিযোগ দিয়াৰ পাছত ০৫/২০২০ ইউ/এছ ৭(এ) নম্বৰত গোচৰ ৰুজু কৰা হয় জয়ন্ত সৰকাৰৰ বিৰুদ্ধে। আৰু মহকুমাধিপতিগৰাকীৰ বিৰুদ্ধে দিয়া এই অভিযোগ যে সঁচা তাৰ প্ৰমাণ ল'বৰ বাবে এচিবিয়ে এক জাল মেলে।

ইফালে, বৃহস্পতিবাৰে নিৰ্ধাৰিত সময়ত মহাকুমাধিপতিগৰাকীৰ চেম্বাৰত অভিযোগকাৰী গৰাকীয়ে গৈ দিনৰ প্ৰায় ২.৩০ বজাত তেওঁক ধন দিয়ে। ধনঞ্জয় বৰ্মনে জনোৱা মতে, মহকুমাধিপতিগৰাকীয়ে উৎকোচৰ এই ধন গাড়ী চালকগৰাকীৰ হাতত দিবলৈ কয়। আৰু তাৰপাছতেই চালকগৰাকীৰ সৈতে মহকুমাধিপতিগৰাকী কাৰ্যালয়ৰ পৰা বাহিৰলৈ ওলাই যায়।

তাৰপাছত এই কথা জনাৰ লগে লগেই দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে মহকুমাধিপতিগৰাকীৰ পিচে পিচে গৈ তেওঁৰ ঘৰত ওলাই গৈ। এচিবিৰ দলটোৱে যেতিয়া মহকুমাধিপতিগৰাকীক হাত ধুবলৈ দিয়ে তেতিয়া তেওঁৰ হাতত গুলপীয়া ৰং দেখা পোৱা যায়। আৰু ইয়াৰ পৰাই জানিব পৰা যায় যে, তেওঁ অভিযুক্তগৰাকীয়ে উৎকোচৰ ধন লৈছে।

আনহাতে, চালকজনৰো হাত ধুৱাৰ পাছতো একে ধৰণৰ ৰং দেখা পোৱা যায়। আৰু এই সন্দৰ্ভত চালকজনকো সোধ-পোছ কৰে এচিবিয়ে। দুয়োৱে যে এই অপৰাধৰ সৈতে জড়িত সেই কথা ধৰা পৰাৰ পাছত সন্ধিয়া ভাগত আৰক্ষীয়ে উৎকোচৰ ২০হাজাৰ টকা উদ্ধাৰ কৰে। উল্লেখ্য যে, শুকুৰবাৰে মহকুমাধিপতি জয়ন্ত সৰকাৰ আৰু চালক সুশান্ত ৰয় চৌধুৰীক বিশেষ ন্যায়ালয়ত হাজিৰ কৰা হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in