চিৰাঙৰ বাসুগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ..

চিৰাঙৰ বাসুগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ..

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ বাসুগাঁও চহৰৰ ৪ নং ৱাৰ্ডৰ গোগলাপাৰাত শুকুৰ পুৱাৰ ভাগত এজন অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। প্ৰাণকৃষ্ণ মল্লিক নামৰ এজন ব্যক্তিৰ ঘৰৰ গেটৰ সন্মূখত পানীৰ নলাত উবুৰি খাই পৰি থকা মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ হোৱাৰ পিছত এলেকা জুৰি তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি হয় ।

খবৰ লাভ কৰি বাসুগাঁও থানাৰ পৰা আৰক্ষীৰ লোক আহি উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে । মৃত ব্যক্তি জনৰ পৰিচয় উদ্ধাৰ বা কি পৰিস্থিতিত লোকজনৰ মৃতদেহ ইয়ালৈ আহিল বিভিন্ন প্ৰশ্নৰ অৱতাৰণা চলি থকাৰ মাজতে একাংশ লোকে মৃতদেহটো গোগলাপাৰাৰ মৃত ৰাজীব ৰায় (মাষ্টৰ) ৰ পুত্ৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰঞ্জন কুমাৰ ৰায় ওৰফে নয়ানু (৫০) বুলি চিনাক্ত কৰে ।

পিছত পৰিয়ালৰ লোকে আহি নিশ্চিত কৰে । মৃত নয়ানু কালি বিয়লিৰ পৰাই নিৰুদ্দেশ হৈ আছিল । তদুপৰি নয়ানু মৃগী ৰোগত আক্ৰান্ত আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিত্সালয়ত প্ৰেৰণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in