চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰীৰ আৰক্ষীৰ অভিযানঃ দুডাল হাতীৰ দাঁতসহ এখন বিলাসী বাহন আৰু স্কুটি জব্দ…

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰীৰ আৰক্ষীৰ অভিযানঃ দুডাল হাতীৰ দাঁতসহ এখন বিলাসী বাহন আৰু স্কুটি জব্দ…

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰীত বন্য জন্তুৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই এখন বিলাসী হুণ্ডাই এচেন্ট বাহনত দুডাল হাতীৰ দাঁত সহ দুজন বন্য জীৱ-জন্তুৰ অঙ্গ প্ৰতঙ্গৰ চোৰাং ব্যবসায়ৰ সৈতে জড়িত দুজন যুৱকক আটক কৰে । আটকাধীন যুৱক দুজনৰ নাম ক্ৰমে ৰাহুল বসুমাতাৰী (৩৩) আৰু কঙ্কণ নাৰ্জাৰী (৩৪) । দুয়োৰে ঘৰ চিৰাঙৰ আমগুৰী থানা এলেকাত ।

আজি বিয়লিৰ ভাগত এক নিদিষ্ট সুত্ৰৰ পোম খেদি চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত আৰু ৰুণীখাতা থানাৰ আৰক্ষী চক্ৰ বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ সহযোগত এটা আৰক্ষীৰ দলে অভিযানত চলাই বন্য জীৱন জন্তুৰ অঙ্গ প্ৰতঙ্গৰ চোৰাং ব্যবসায়ৰ সৈতে জড়িত দুজনক আটক এখন বিলাসী বাহন সহ আটক কৰে কিন্তু বাকি দুজন সদস্য পলাই যাবলৈ সক্ষম হয় ।

আৰক্ষীয়ে অভিযান কালত এ এচ ০১ এ জি ৯৭৮০ পঞ্জীয়ন নম্বৰৰ এখন হণ্ডাই এচেন্ট বাহন, এ এচ-২৬ বি ৪৭৯২ নম্বৰৰ টিভিএচ স্কুটি , এটা মোবাইল ফোন আৰু নগদ ৩২২০ টকা জব্দ কৰে । আৰক্ষীয়ে পলায়ন কৰা অপৰাধী দুজনক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in