শীতল পানীয় আৰু দুটা কনীৰ বাবে তালিবানী কায়দাৰে দুই শিশুক নিৰ্যাতন…

শীতল পানীয় আৰু দুটা কনীৰ বাবে তালিবানী কায়দাৰে দুই শিশুক নিৰ্যাতন…

ডিজিটেল সংবাদ, চিৰাং: এজন দানৱ প্ৰকৃতিৰ লোকে বেতেৰে দুটি কণমানি শিশুক নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ' বিগত দুদিন ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈছে । যি দৃশ্য দেখিলে যিকোনো লোকৰে গাঁৰ নোম শিয়ৰি উঠিব ।

কি অপৰাধত এই শিশু দুটিৰ ওপৰত এইদৰে নিৰ্দয় অত্যাচাৰ চলোৱা হৈছে আপুনি জানিলে আচৰিত হ'ব। উল্লেখ্য যে, শিশু দুটিৰ সৈতে হোৱা এই অমানৱীয় আৰু নিৰ্দয় আচৰণৰ আঁৰত সামান্য এটা শীতল পানীয় বটল আৰু দুটা কনী ।

দোকানীৰ অগোচৰে দোকানৰ পৰা এটা শীতল পানীয়ৰ বটল আৰু কনী খাইছিল শিশু দুটিয়ে আৰু এই অপৰাধৰ কাৰণেই দোকানীজনে তালিবানী কায়দাৰে দুটি কণমানি শিশুক নিৰ্মম প্ৰহাৰ কৰি শাস্তি প্ৰদান কৰিছে । এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ তিনিআলিত ।

এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰাল হৈ যোৱাৰ পিছত সমগ্ৰ ঢালিগাঁও এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰহাৰ কৰা ব্যক্তিজনৰ নাম আকটাৰ হুছেইন । ঘৰ ছাতিপুৰ তিনিআলিত।জানিব পৰা মতে শিশু দুটিয়ে দুলু মিঞা ওৰফে আকটাৰ হুছেইন নামৰ ব্যক্তিজনৰ দোকানৰ পৰা শীতল পানীয় আৰু কণী চুৰ কৰি খাইছিল ।

কিন্তু অভিযুক্ত দুলু মিঞা ওৰফে আকতাৰ হুছেইনে শিশু দুটিৰ এই ভুল কাৰ্য্যৰ কথা অভিভাৱকক অৱগত নকৰাকৈয়ে নিজে আইন হাতত তুলি লৈ তালিবানী কায়দাৰে শিশু দুটিক নিৰ্মম ভাৱে প্ৰহাৰ কৰে । দৰাচলতে শীতল পানীয় আৰু কনী চুৰি কৰাৰ অপৰাধত কণমানি শিশু দুটাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ ঘটনাটো সংঘটিত হৈছিল যোৱা ১৯ মে বৃহস্পতিবাৰ দিনা ।

কিন্তু ইমান দিনে সমগ্ৰ ঘটনাটো অভিযুক্ত আকতাৰ হুছেইনে শিশু দুটিৰ পৰিয়ালৰ লোকক ভয় ভাবুকি প্ৰদান কৰি গাপ দিয়াৰ চেষ্টা কৰিছিল আনকি অভিযুক্ত দুলু মিঞা ওৰফে আকতাৰ হুছেইনৰ পত্নীয়ে শিশু দুটিক হত্যা কৰি পুতি থোৱাৰ ভাবুকি দিয়ে বুলি এটি শিশুৰ মাতৃয়ে অভিযোগ কৰে ।

মঙলবাৰে বিয়লিৰ ভাগত শিশু দুটিক অমানৱিক ভাৱে নিৰ্যাতন চলোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আৰু এই ভিডিঅ' নিৰ্যাতিত শিশুৰ পিতৃ (বৰ্তমান কলকাতাত শ্ৰমিক হিচাপে কৰ্মৰত) ৰ হাতত পৰে । নিজৰ সন্তানৰ ওপৰত হোৱা অমানবিক অত্যাচাৰৰ ন্যায় বিচাৰি পত্নীক থানাত গোচৰ ৰুজু কৰিবলৈ পৰামৰ্শ দিয়ে আৰু সেই মৰ্মে মঙলবাৰে এটি শিশুৰ মাতৃয়ে ঢালিগাঁও থানাত গোচৰ ৰুজু কৰে ।

গোচৰ ভিত্তিত ঢালিগাঁও থানাৰ আৰক্ষীয়ে কালিয়ে দুলু মিঞা ওৰফে আকতাৰ হুছেইনক আটক কৰে ।বৰ্তমান অৰ্থাৎবুধবাৰে অভিযুক্ত দুলু মিঞা ওৰফে আকতাৰ হুছেইনক ঢালিগাঁও থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । নিৰ্যাতনৰ চিকাৰ শিশু দুটাৰ ভিতৰত কণিষ্ঠ শিশুটিৰ পিতৃও কলকাতাত কাম কৰিব গৈছে , মাতৃৰ মৃত্যু হৈছে । ঘৰত মাহীমাক আছে যদিও ঘটনাটোক লৈ সিমান গুৰুত্ব আৰোপ কৰা নাই । একপ্ৰকাৰ অনাথ প্ৰায় শিশুটি বৰ্তমান ভয় আতংকৰ মাজত আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in