চিৰাঙৰ উন্নয়ন খণ্ডৰ অধীনৰ আঠিয়াবাৰী গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি…

চিৰাঙৰ উন্নয়ন খণ্ডৰ অধীনৰ আঠিয়াবাৰী গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি…

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ চিদলী উন্নয়ন খণ্ডৰ কাশিকোত্ৰা ভিচিডিচিৰ অন্তৰ্গত আঠিয়াবাৰী গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। গৃহ নিৰ্মাণৰ নামত বিগত তিনি বছৰত মাত্ৰ পাঁচ ফুট লৈকে ইটাৰ বেৰ দি দায়িত্ব সামৰিছে গৃহ কৰি দিয়াৰ দায়িত্ব লোৱা ভিচিডিচিৰ চেয়াৰমেনে। বিভিন্ন অজুহাত দেখুৱাই হিতাধিকাৰীৰ বেংকৰ পৰা সমুদায় ধন উঠাই লোৱা কাশিকোত্ৰা ভিচিডিচিৰ চেয়াৰমেন অনীৰাম মুছাহাৰীক বহু অনুৰোধ জনোৱাৰ পিছতো বনাই দিম বনাই দিম বুলি আশ্বাস প্ৰদান কৰি আজিলৈকে গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে বুলি অভিযোগ কৰে হোপন চোৰেন নামৰ ব্যক্তিজনে। ইপিনে হোপন চোৰেণৰ থাকিবলৈ বিকল্প ঘৰ নথকাৰ বাবে উপায় বিহীন হৈ পাঁচ ফুট ওৱালৰ ওপৰতে টিনপাত দি কোনোমতে যোৱা তিনি বছৰ ধৰি বসবাস কৰি আছে দুৰ্ভগীয়া লোকজনে।

কি পৰিস্থিতিত মানুহজনে যোৱা তিনিটা বছৰ ধৰি বসবাস কৰি আছে এই ছবি দেখিলে সহজেই অনুমান কৰিব পাৰি। হোপন চোৰেণে জানিবলৈ দিয়া মতে তেখেতৰ বোৱাৰীৰ নামত ২০১৬-১৭ আৰ্থিক বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এখন ঘৰ আবন্টিত হৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে, তিনি বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে ঘৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল।

মাত্ৰ পাঁচ ফুট লৈকে ইটাৰ বেৰ বনাই বাকি গৃহ নিৰ্মাণৰ বাবে টিনপাত, কাঠ, কিছু ইটা, শিল বালি আৰু চিমেন্টৰ বস্তা পেলাই থৈ গুচি মিস্ত্ৰী সকলে গুচি যায় আৰু পৰবৰ্তী সময়ত ঘুৰি নহাত চিমেন্টৰ বস্তা সমূহ নষ্ট হৈ যায় লগতে অন্যান্য সামগ্ৰী সমূহ নষ্ট হবলৈ ধৰাত আৰু থাকিবলৈ বিকল্প ঘৰ নথকাত বাবে উপায় বিহীন হৈ পাঁচ ফুট ওৱালৰ ওপৰতে টিনপাত দি কোনোমতে সামগ্ৰী খিনি ৰদ বৰষুণৰ পৰা সুৰক্ষা দি যোৱা তিনিটা বছৰ ধৰি বসবাস কৰি আছে হোপন চোৰেণ নামৰ ব্যক্তি জনে।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে দেশজুৰি দুখীয়া গৃহহীন লোকৰ বাবে একোখনকৈ বিনামূলীয়া পকী ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। যাৰ কাম সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে। কিন্তু এই দুখীয়া লোক সকলৰ পৰিয়ালৰ নামত চৰকাৰী ভাৱে আবন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।

আঠিয়াবাৰী গাঁৱৰ স্থানীয় লোকৰ অভিযোগ কাশিকোত্ৰা ভিচিডিচিৰ প্ৰাক্তন সভাপতি অনীৰাম ব্ৰহ্মৰ নেতৃত্বত সংঘটিত হৈছে এই দুৰ্নীতি। আঠিয়াবাৰী গাঁৱৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ নামত আবন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অৰ্দ্ধ নিৰ্মিত গৃহ সমূহ অতি সোনকালে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী জনায়। অন্যথা আইনৰ সহায় লবলৈ বাধ্য হ'ব বুলি সকিয়নি প্ৰদান কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in