চিৰাঙত বড়োলেণ্ড পৰিবাৰে আত্মসংস্থাপন দিছে অৰ্ধ শতাধিক নিৱনুৱা যুৱক-যুৱতীক, বিটিচিয়ে ১৭ বছৰ গৰকিলেও নহ’ল কোনো উদ্যোগ, VIDEO

চিৰাঙত বড়োলেণ্ড পৰিবাৰে আত্মসংস্থাপন দিছে অৰ্ধ শতাধিক নিৱনুৱা যুৱক-যুৱতীক, বিটিচিয়ে ১৭ বছৰ গৰকিলেও নহ’ল কোনো উদ্যোগ, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ যি সময়ত ৰাজ্যখনত ৰাজহুৱা তথা চৰকাৰী খণ্ডৰ বিভিন্ন শ্ৰেণীৰ উদ্যোগ প্ৰতিষ্ঠান সমূহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে তেনে সময়তে বিটিচিৰ চিৰাং জিলাৰ বাসুুগাঁও চহৰৰ ডাংতল ৰোডত নতুনকৈ ব্যক্তিগতখণ্ডৰ উদ্যোগ এটা প্ৰতিষ্ঠা হোৱাত অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতী সকলৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷ উল্লেখ্য যে, বড়োলেণ্ড পৰিবাৰ নামৰ ব্যক্তিগত খণ্ডৰ উদ্যোগটোত 'ঝৰ্ণা জল' নামৰ বিশুদ্ধ খোৱাপানী তৈয়াৰ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালভাৱে উদ্যোগটোত ইতিমধ্যে অঞ্চলটোৰ অৰ্ধশতাধিক দৰিদ্ৰ ঘৰৰ যুৱক-যুৱতীয়েও আত্মসংস্থাপন পাবলৈ সক্ষম হৈছে।

উদ্যোগটোৰ প্ৰৱন্ধক উত্তম সাহাই জানিবলৈ দিয়া মতে অতি কম সময়ৰ ভিতৰতে ৰাজ্যখনৰ লগতে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো 'ঝৰ্ণা জল' নামৰ বিশুদ্ধ খোৱাপানীৰ চাহিদা দিনকদিনে বাঢ়িবলৈ ধৰিছে৷ লক্ষণীয় যে, বিটিচি গঠন হোৱাৰ সোতৰ বছৰ পিছতো অঞ্চলটোত বিটিচি কৰ্তৃপক্ষই ক্ষুদ্ৰ উদ্যোগ এটা প্ৰতিষ্ঠা কৰি নিৱনুৱা যুৱক-যুৱতী সকলক আত্মসংস্থাপন দিবলৈ সক্ষম হোৱা নাই।

ইফালে তাৰ বিপৰীতে শেহতীয়াকৈ চিৰাং জিলাত গঢ়ি উঠা উদ্যোগটোৱে অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতী সকলৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই অনাই নহয় আন একাংশক পৰিয়াল পোহপাল দিয়াত সহায় কৰিছে৷

উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে সৰ্বপ্ৰথম স্বয়ংক্ৰিয় অত্যাধুনিক মেচিনৰ সহায়ত গুণগতগত মান সম্পন্ন, সম্পূৰ্ণৰূপে বীজাণুমুক্ত, উচ্চ পিএইচ মান সম্পন্ন, আৰ অ' সম্পন্ন অতি উচ্চমানৰ তথা আইএছঅ' ৯০০১:২০০০ চাৰ্টিফিকেটপ্ৰাপ্ত ঝৰ্ণা জলে পশ্চিমবংগলৈকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in