চিৰাঙত পুনৰ বৃহৎ পৰিমানৰ অবৈধ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ…

চিৰাঙত পুনৰ বৃহৎ পৰিমানৰ অবৈধ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ…

ডিজিটেল সংবাদ, চিৰাং: বিটিএডিত অবৈধ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ অভিযান অব্যাহত আছে । বৃহস্পতিবাৰে চিৰাঙৰ বিজনীত পুনৰ একে-৫৬ ৰাইফল সহ বুজন পৰিমাণৰ গুলীৰ অবৈধ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।

চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিবলৈ দিয়া মতে, এক বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে পুৱতি নিশা চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত আৰু বিজনী মহকুমা আৰক্ষী বিষয়া লগতে বিজনী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলায়।

বিজনী থানাৰ অন্তৰ্গত লাডানগুৰী-ছুবাইঝাৰ গড়কাপ্তানী পথৰ এক নং উত্তৰপাৰা গাঁৱৰ জংঘলত প্লাষ্টিকেৰে মেৰিয়াই মাটিৰ তলত পুতি থোৱা অৱস্থাত দুটা অত্যাধুনিক এ কে – ৫৬ ৰাইফল , তিনিটা মেগাজিন, এ কে ছিৰিজৰ ১৬৭ জাঁই সজীৱ গুলী, ইনছাচ ৰাইফলৰ সাত জাঁই সজীৱ গুলী উদ্ধাৰ কৰা হয়। অভিযান কালত এই সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই যদিও বিজনী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in