চিন্তন-৪/ চোৰৰ কথা…

চিন্তন-৪/ চোৰৰ কথা…

সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি বিষয়ত বিজ্ঞজনৰ দৃষ্টিভংগীৰে দিব পাৰে নতুন দিশৰ সন্ধান। গুৰুত্বপূৰ্ণ বিষয়ৰ চিন্তাকৰ্ষ লিখনিৰে সমৃদ্ধ এই শিতান। তেওঁলোকৰ অধ্যয়ন, যুক্তি তথা ব্যাখ্যাৰে গতানুগতিক ধাৰাৰ বিপৰীতে সুক্ষ্ম পৰ্যবেক্ষণৰ কচৰৎ এইয়া। অসমীয়া প্ৰতিদিনৰ 'চিন্তন' শিতানত ড০ অপূৰ্ব বৰুৱাৰ এই লেখা।

কালি পুৱাই এটা ব্যক্তিগত নিউজ চেনেলত গুৱাহাটীৰ হেঙেৰাবাৰীৰ এঘৰ মানুহৰ ঘৰত এজন লোকে লুকাই সোমাই খিচিৰি ৰান্ধি খাবলৈ লওঁতে, মানুহে চোৰ বুলি বান্ধি পুলিচক গতাই দিয়াৰ খবৰ ওলাইছে। কোনো চোৰে খিচিৰি নাৰান্ধে। চুৰ কৰি পলাইহে যায়। নিৱনুৱাৰ সংখ্যা বঢ়াৰ বাবে ভোকৰ তাৰণাত সেই মানুহজনে খিচিৰি সিজাইছিল। এনে লোকক ধৰি বান্ধি পুলিচক দিয়াতকৈ আমি এসাজ খুৱাব নোৱাৰোনে? কোনোবাই ক'ব মানুহজনে নোসোধাকৈ নাখাই ভিক্ষা কৰিব লাগিছিল। শিক্ষিত নিবনুৱাই ভিক্ষা কৰিবলৈ লাজ পাবই। চৰকাৰৰ দিনত শিক্ষিত নিবনুৱা বাঢ়িছে। তেওঁলোকে বাধ্যত পৰি চুৰি-ডকাইটিৰ আশ্ৰয় ল'ব।

এওঁলোকৰ প্ৰতি সহানুভূতিশীল হৈ জীৱিকাৰ উপায়ৰ চেষ্টা নকৰিলে, সমাজৰ ভব্য গব্য সকলে এখন অপৰাধেৰে পৰিৱেষ্টিত সমাজত বাস কৰিবলৈ সাজু হোৱা উচিত। হাজাৰ পুলিচেও আপোনাক জীৱিকাৰ অভাৱত অপৰাধী হৈ পৰা যুৱক-যুৱতীৰ পৰা বচাব নোৱাৰে। আমাৰ প্ৰশাসনটো ওপৰৰ পৰা তললৈ দূৰ্নীতিৰ ঘূণে ধৰা অৱস্থাই সমাজ জীৱন আৰু বেছি বিপদজনক কৰি তুলিব।

প্ৰশাসনীয় বিষয়া-কৰ্মচাৰী সকলৰ সৰহ ভাগেই দূৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়িছে। ডাঙৰ ব্যৱসায়ী সকলে সকলোকে ঠগি ধনী হৈছে। তলৰ চাম মানুহ এই প্ৰক্ৰিয়াত হেঁচা খাই নিৰূপায় হৈছে। শিক্ষিত নিবনুৱা আৰু আন নিপীড়িত সকলে দুৰ্গতি আৰু ইৰ্ষাৰ বশৱৰ্তী হৈ অপৰাধত ব্ৰতী হ'বই। জোহেনেছবাৰ্গলৈ গৱেষণাৰ কামত যাওঁতে দেখিছিলো – শ্বেতাংগ লোক থকা অঞ্চলবোৰ অৱস্থাপন্ন আছিল। শ্যামাংগ লোক সকলৰ বেছি ধনী বোৰে এই অঞ্চলত দুই এটা ঘৰ কিনিছিল। কিন্তু দৰিদ্ৰ শ্য্যমাংগ সকল বাস কৰিছিল শ্বেতাংগৰ বসতি অঞ্চলৰ পৰা দূৰত। দৰিদ্ৰ আৰু ধনীৰ ব্যৱধান অছিল আকাশচুম্বী।

ফলত দৰিদ্ৰ সকলৰ মনত ক্ষোভৰ সৃষ্টি হৈছিল। ঈৰ্ষাৰ বশৱৰ্তী হৈ তেওঁলোকৰ বহুতেই অপৰাধ কৰিয়ে ততালিকে শ্বেতাংগ সকলে ব্যৱহাৰ কৰা ভোগৰ সামগ্ৰী আহৰণ কৰাৰ চেষ্টা কৰিছিল। ভোগবাদৰ লগত জড়িত লোভ লগা অপ্ৰয়োজনীয় বিলাসী সামগ্ৰীৰ অহৰহ চাক্ষুষ প্ৰচাৰে উপাৰ্জন নথকা লোককো এইবোৰ অতি প্ৰয়োজনীয় আৰু সহজলব্ধ যেন অনুভৱ কৰায়। ফলত তেওঁলোকে যেনে তেনে এনে সামগ্ৰী আহৰণ কৰাৰ বাবে চেষ্টা কৰি চুৰি- ডকাইটি আদি অপৰাধত লিপ্ত হয়।

অৱস্থা ইমানেই বেয়া হৈছিল যে, আমাক লণ্ডন স্কুল অৱ ইকনমিকছে ঠিক কৰি দিয়া গেষ্ট হাউছটোৰ সুৰক্ষা কৰ্মীয়ে বাৰে বাৰে কৈছিল যে, "আনকি ৩০০ মিটাৰ দূৰতে থকা দোকানবোৰলৈকো খোজ কাঢ়ি নাযাব। আমাৰ গাড়ীয়ে লৈ যাব। গেষ্ট হাউছৰ ভিতৰত আচহুৱা মানুহ থাকিলে আপনাক লৈ ফুৰিবলৈ দিয়া বুটামটো টিপি দিব। এজন সশস্ত্ৰ দেহৰক্ষী আপোনাৰ ওচৰত উপস্থিত হব"। আচহুৱা বুলি তেওঁ যে দুখীয়া শ্যামাংগ লোকক বুজাইছিল তাক বুজিবলৈ আমাক বেছি সময় লগা নাছিল। এই অৱস্থা হৈছিল বৰ্ণ বৈষম্য আৰু আৰ্থিক বিভেদ এই দুয়োটাৰে বাবে। আমাৰ সমাজত বৰ্ণবৈষম্যৰ সমতুল্য এক বিভেদো গা কৰি উঠিছে। সেই বিষয়ে আন এদিন লিখিম। আজি দেশৰ অৰ্থনীতিয়ে সৃষ্টি কৰা দুৰ্গতিৰ ফলত এনে সৰু সুৰা চুৰি কাণ্ডৰ কথা কব খুজিছোঁ।

৫০ৰ দশকলৈকে দেশৰ এচাম মানুহৰ অৱস্থা এনে আছিল যে চুৰ কৰাটো সাধাৰণ কথা আছিল। কেঁচ ভেটি থকা ঘৰত সিন্ধি দি কৰা চুৰিয়ে শিক্ষিত মধ্যবিত্তৰ চাকৰিজীৱি আৰু গাওঁ অঞ্চলৰ তুলনামূলক মানুহক হাৰাশাস্তি কৰিছিল। সিদিনা শান্তনু ঠাকুৰে তেওঁৰ বাল্য কালৰ গাওঁৰ ঘৰৰ চোৰৰ কাণ্ডৰ কথা লিখিছিল। তেওঁৰ দেউতাকৰ চহৰৰ পকা ঘৰত তেনে চুৰি নহৈছিল। আমাৰ সেই অভিজ্ঞতা শিৱসাগৰ টাউনৰ কেঁচা ভেটিৰ ঘৰতে হৈছিল। ভোকৰ তাৰণাৰ চোৰে বৰ বেছি ডাঙৰ অপৰাধ নকৰে। কিন্তু ধনী দুখীয়া প্ৰভেদ বৰ বেছি হোৱা বাবে আৰু ভোগ্য পণ্য সহজলভ্য বুলি সম্প্ৰচাৰিত হোৱাৰ ফলত ইৰ্ষাই যি অপৰাধৰ সৃষ্টি কৰিব সি আমাৰ সমাজ জীৱন অসহনীয় হৈ পৰিব।

বেপাৰীৰ জেপত সোমোৱা বিজেপি চৰকাৰে অনুসৰণ কৰা নীতিয়ে অচিৰেই শিক্ষিত নিবনুৱা এচামক এনে অপৰাধীত পৰিণত কৰিব যে, সাধাৰণ লোক ওলাই সোমাই ফুৰিব নোৱাৰা হ'ব। বাওঁ পন্থাক অহৰহ গালি পাৰিলে কি হ'ব? ভাৰতত কেৰালাৰ বাওঁপন্তী চৰকাৰে গ্ৰহণ কৰা নীতিয়ে ধনী দুখীয়াৰ বৈষম্য নিয়ন্ত্ৰণ কৰাত কিছু হ'লেও সফল হৈছে। বাকীবোৰৰ বিফলতাই ভাৰতক বানানা ৰিপাব্লিকত পৰিণত কৰিব। জীৱিকাৰ সন্ধানত বিতত হোৱা সকলৰ প্ৰতি সহানুভুতিশীল হোৱাটো মানৱীয় গুণেই নহয়। ই সভ্য জীৱন যাপন কৰিব পৰা সমাজৰ বাবেও অপৰিহাৰ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in