চিন্তামনিগড়ত ছাত্ৰ সন্থাৰ ড° ভূপেন হাজৰিকাৰ অষ্টম মৃত্যুবাৰ্ষিকী

চিন্তামনিগড়ত ছাত্ৰ সন্থাৰ ড° ভূপেন হাজৰিকাৰ অষ্টম মৃত্যুবাৰ্ষিকী

ডিজিটেল ডেস্কঃ শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয়, চিন্তামণি মধ্য ইংৰাজী বিদ্যালয়,চিন্তামণি শাখা সাহিত্য সভা,অভিজ্ঞান সাংস্কৃতিক মঞ্চ আৰু বিৰিণা যুৱতী মঞ্চৰ সহযোগত ভাৰত ৰত্ন বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চিন্তামণি গড়ত দিনজোৰা কাৰ্যসূচীয়ে পালন কৰা হয়৷ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তিলক বৰুৱা, চিন্তামণি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুল লাহন, প্ৰাক্তন ছাত্ৰ নেতা তথা যুব সাংবাদিক অৰুণ হাজৰিকা, ডুন জোন বিদ্যালয়ৰ স্বত্বাধিকাৰী ৰবিন দুৱৰা, অভিজ্ঞান সাংস্কৃতিক মঞ্চৰ সম্পাদক তথা শিক্ষক প্ৰাঞ্জল ৰাজখোৱা, বিৰিণা যুৱতী মঞ্চৰ সভানেত্ৰী অনিতা গায়ন, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, চিন্তামণি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপশিখা হাজৰিকা, চিন্তামনি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা অৱন্তী শইকীয়া ফুকন, চিন্তামণি ব্যৱসায়ী সন্থাৰ সভাপতি গোপাল নেওগ, প্ৰাক্তন সম্পাদক গুনিন্দ্ৰ হাজৰিকা, ডুন জোন বিদ্যালয়ৰ শিক্ষক অংকুৰ ৰৌমূৰীয়া, পৰিস্মিতা বৰুৱা পৰিস্মিতা দত্ত, মৌচুমী বড়া, পিন্টু বৰুৱা, পিংকুমণি কলিতা ঋষিৰাজ বৰুৱা আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেব্ৰবৎ শইকীয়া আৰু ভাঃ সম্পাদক প্ৰবিত্ৰ বৰাই শ্ৰদ্ধাঞ্জলি জনায়।

অনুষ্ঠানটোত স্হানীয় ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা বিশ্ববৰেণ্য শিল্পী গৰাকীৰ গীত- মাতৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে অনুষ্ঠানটি আতঁ ধৰে শিক্ষক প্ৰাঞ্জল ৰাজখোৱাই। সন্ধিয়া ১০০০ গছি বন্তি প্ৰজ্বলন কৰা হয়৷ বন্তি প্ৰজ্বলন শুভাৰম্ভ কৰে নামাচাৰ্য তথা গাওঁবুঢ়া হিতেশ্বৰ ফুকনে।

অনুষ্ঠানত উপস্থিত থাকে চিন্তামণি গাওঁ পঞ্চায়তৰ সভাপতি জিন্টু গগৈ, অনাতাঁৰ শিল্পী জীবন লাহন, ৰাজু ৰাজখোৱা, শিক্ষক দিগন্ত চাংমাই, মৃগেন দত্ত ধৰি স্হানীয় তিনি শতাধিক ৰাইজ। এই অনুষ্ঠানত শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in