গ্ৰেপ্তাৰ হ’ব পাৰে বিজেপি নেতা চিন্ময়ানন্দৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ কৰা নিৰ্যাতিতাও…

গ্ৰেপ্তাৰ হ’ব পাৰে বিজেপি নেতা চিন্ময়ানন্দৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ কৰা নিৰ্যাতিতাও…

ডিজিটেল ডেস্কঃ কাৰাগাৰলৈ প্ৰেৰণ কৰা বিজেপিৰ জ্যেষ্ঠ নেতা স্বামী চিন্ময়ানন্দৰ বিৰুদ্ধে বলাকাৎকাৰ আৰু ব্লেকমেইলিঙৰ অভিযোগ উত্থাপন কৰা আইনৰ ছাত্ৰীগৰাকীকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব পাৰে বিশেষ তদন্তকাৰী সংস্থাই। এছ আই টিৰ এক সূত্ৰই সদৰী কৰা মতে, চিন্ময়ানন্দৰ পৰা ভাবুকি প্ৰদান কৰি ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ'ব পাৰে নিৰ্যাতিতা যুৱতীগৰাকীকো।

এছ আই টিৰ সূত্ৰটোৱে জানিবলৈ দিয়া মতে, নিৰ্যাতিতা ছাত্ৰীগৰাকীৰ সঞ্জয় সিং নামৰ এজন বন্ধু আৰু দুই ভাতৃ ক্ৰমে শচীন আৰু বিক্ৰমে বিজেপি নেতা চিন্ময়ানন্দৰ পৰা মোটা অংকৰ ধন বিচাৰি ফোন কৰিছিল। এই অভিসন্ধিত নিৰ্যাতিতা যুৱতীগৰাকীও জড়িত আছিল। আনহাতে শুকুৰবাৰে বিজেপি নেতা চিন্ময়ানন্দক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰাৰ কিছু ঘণ্টা পিছতে ধন বিচাৰি ফোন কৰা ৩ যুৱককো গ্ৰেপ্তাৰ কৰে এছ আই টিয়ে।

আনফালে এই বলাৎকাৰ কাণ্ডৰ তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা হেতুকে নিৰ্যাতিতাক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বও আদালতক অৱগত কৰা হ'ব বুলি জনাইছে এছ আই টিয়ে। উল্লেখ্য যে, আইনৰ এগৰাকী ছাত্ৰীয়ে বিজেপি নেতা চিন্ময়ানন্দই তেওঁৰ গা ধোৱাৰ ভিডিঅ' বনাই ব্লেক মেইল কৰি এটা বছৰে বলাৎকাৰ কৰাৰ অভিযোগ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in