আকৌ উত্তপ্ত সীমান্ত, এমাহত ৩বাৰকৈ ভাৰতত প্ৰৱেশ চীনা সৈন্যৰ

আকৌ উত্তপ্ত সীমান্ত, এমাহত ৩বাৰকৈ ভাৰতত প্ৰৱেশ চীনা সৈন্যৰ

ডিজিটেল ডেস্কঃ চীনৰ সৈতে ক্ৰমাৎ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে ভাৰতৰ। শেহতীয়া খবৰে এনে ইংগিতেই বহন কৰিছে। কেন্দ্ৰই চীনৰ সৈতে সম্পৰ্কৰ উন্নতি ঘটা বুলি বাৰম্বাৰ দাবী কৰাৰ সময়তে যোৱা আগষ্ট মাহত চুবুৰীয়া দেশখনৰ সেনাই ৩ বাৰকৈ সীমান্ত অতিক্ৰমৰ চেষ্টা চলায়।

কেবাটাও সংবাদ সংস্থাই প্ৰকাশ কৰা বাতৰি অনুযায়ী উত্তৰাখণ্ডৰ বাৰাহোটিত আগষ্ট মাহত চীনা সেনাই বলপূৰ্বক ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশৰ চেষ্টা চলাইছিল। বাতৰিটোত কোৱা হৈছে যে ৬, ১৪ আৰু ১৫ আগষ্টত চীনা সৈন্যই নিয়ন্ত্ৰণ ৰেখা অতিক্ৰমি ভাৰতীয় ভূখণ্ডৰ ৪ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰে।

উল্লেখ্য যে বিগত বৰ্ষৰ জুনৰ পৰা ডোকলামক লৈ তিক্ততাপূৰ্ণ হৈ পৰিছিল চীন-ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক। ৭৩ দিন ধৰি ভূটান সীমান্তত দুই দেশৰ সেনাই যুদ্ধংদেহি মনোভাৱেৰে অৱস্থান গ্ৰহণ কৰাৰ খবৰে দখল কৰিছিল সংবাদ মাধ্যমৰ শিৰোনাম। পৰৱৰ্তী সময়ত কেবালানি আলোচনাৰ অন্তত এই সমস্যাৰ অৱসান হোৱা বুলি দাবী কৰিছিল ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে।

ভাৰতীয় বিদেশ মন্ত্ৰণালয়ৰ এই দাবীৰ মাজতে চেগা-চোৰোগাকৈ চীনা সৈন্যৰ আগ্ৰাসী মনোভাৱৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশিত হৈ আহিছে। অৱশ্যে এনেধৰণৰ বাতৰিসমূহৰ সত্যতা এই পৰ্যন্ত স্বীকাৰ কৰা নাই চৰকাৰী সূত্ৰই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in