সকলোতে চীনৰ লোকচানঃ এইবাৰ উৰণৰ ১মিনিটৰ পাছতে বিকল হ’ল চীনা ৰকেট…

সকলোতে চীনৰ লোকচানঃ এইবাৰ উৰণৰ ১মিনিটৰ পাছতে বিকল হ’ল চীনা ৰকেট…

ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে সম্পৰ্ক বেয়া হোৱাৰ পিছত কেৱল যেন লোকচানৰ মুখ দেখিব লগা হৈছে ৰঙা চীন। এপছ বন্ধৰ পাছতে শেহতীয়াকৈ সীমাৰ পৰা আতৰি যোৱাৰ পাছত চীন সন্মুখীন হ'ল আন এক লোকচানৰ।

যোৱা বৃহস্পতিবাৰে চীনে মহাকাশলৈ প্ৰেৰণ কৰাৰ কথা আছিল দুটা উপগ্ৰহৰ সৈতে এখন কৰ্মাচিয়েল ৰকেট। কিন্তু ৰ্দুভাগ্য যে, ৰকেটখন মহাকাশলৈ উৰা মৰাৰ এক মিনিটৰ পাছতে বিকল হৈ পৰে আৰু চীনৰ দুটাকৈ উপগ্ৰহ নষ্ট হয়। এই দুৰ্ঘটনাত চীনৰ কেইবাশ কোটি লোকচানৰ অনুমান কৰা হৈছে।

উল্লেখ্য যে, চীনৰ ৰকেট উৎক্ষেপনৰ পূৰ্বে বিকল হোৱা এয়াই নতুন ঘটনা নহয়। চলিত বৰ্ষত তিনিখনকৈ ৰকেট উৰণৰ পাছতে বিকল হৈছে চীনৰ। ইয়াৰে প্ৰথমকন ৰকেট আছিল মাৰ্চ ৭এ। মাৰ্চ মাহত এই ৰকেটখন উৰণৰ পূৰ্বে বিকল হোৱাৰ পাছতে এপ্ৰিলত পুনৰ ৩বি এপ্ৰিল নামৰ ৰকেটখনকো মহাকাশলৈ উৰাব নোৱাৰিলে চীনে।

শেহতীয়াকৈ উৰণৰ ১ মিনিটৰ পূৰ্বে বিকল হোৱা ৰকেটখনৰ নাম Kuaizhou-11। ইয়াৰ সৈতে সংলগ্ন কৰা হৈছিল দুটা উপগ্ৰহ। ইয়াৰে এটা আছিল ইণ্ডোনেছিয়াৰ। উত্তৰ পশ্চিম চীনৰ জিওকুৱা চেটেলাইট চেন্টাৰৰ পৰা এই ৰকেটখন ? যোৱা বৃহস্পতিবাৰে উৰণৰ বাবে সাজু কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in