অসমীয়া ভাষা বিদ্বেষী অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাতীয় বিদ্যালয়ৰ প্ৰতিবাদ…

অসমীয়া ভাষা বিদ্বেষী অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাতীয় বিদ্যালয়ৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ চিনামৰাঃ অসম চৰকাৰৰ মাতৃভাষা বিদ্বেষী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে জাতীয় বিদ্যালয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া বিষয়ক প্ৰশ্ন কাকত বাতিল কৰা আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় ধ্বংস কৰাৰ বাবে মাতৃভাষাটোক হেয়জ্ঞান কৰি ছেবাৰ কাৰ্যদক্ষতাক ম্লান কৰাৰ উদ্দেশ্যে ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ লোৱা অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাটত চিনামৰা জাতীয় বিদ্যালয়কে মুখ্য কৰি জাতীয় বিদ্যালয় শি‍ক্ষা বিকাশ সমিতি, অসমৰ অন্তর্গত নৱবিকাশ বিদ্যাপীঠ, জ‍্য‍োতি বিকাশ জাতীয় বিদ্যালয়, নৰেন চুতীয়া সোঁৱৰণী জাতীয় বিদ্যালয় ফেচুৱাল, ৰংমন জাতীয় বিদ্যালয় আদিত ছাত্ৰ-ছাত্ৰী, শি‍ক্ষক-শি‍ক্ষয়িত্ৰী আৰু কর্মচাৰীসকলে মুখত ক'লা কাপোৰ বান্ধি প্লেকার্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

জাতীয় বিদ্যালয় শিক্ষা বিকাশ সমিতিৰ সভাপতি টুপিৰাম চুতীয়া আৰু সম্পাদক দিব্যজ্যোতি শৰ্মাই জানিবলৈ দিয়ে যে সোমবাৰে পুৱা প্ৰাতঃসভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শি‍ক্ষাক-শি‍ক্ষয়িত্ৰী আৰু কর্মচাৰীসকলে অসম চৰকাৰৰ এনে জাতিদ্ৰোহী সিদ্ধান্ত বাতিল কৰি ভাষাভিত্তিক গঢ়ি উঠা অসমীয়া জাতিক ৰক্ষা কৰিবলৈ আহ্বান জনায়৷ এই সম্পর্কত চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ অমৰজ্য‍োতি শর্মাই কয় যে, যিখন চৰকাৰে জাতি‍-মাটি‍-ভেটি ৰক্ষাৰ কথা কৈ শাসনত বহিছিল, অসমীয়া ভাষাত চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কথা কৈ আৱেগ সৃষ্টি কৰি নিৰ্বাচনত জয় হৈছিল সেইখন চৰকাৰৰ এনে দুমুখীয়া চৰিত্ৰ অতি বিপদজনক আৰু এনে জাতিবিদ্বেষী ভূমিকা গ্ৰহণ কৰা কার্য অতি আশ্বর্যজনক ৷

চিনামৰা জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰাতঃসভাৰ প্ৰতিবাদ স্থলীত ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ভাষাক লৈ বক্তৃতা, গীত, কবিতা আদি পৰিৱেশন কৰে ৷ ছাত্ৰ-ছাত্ৰী, শি‍ক্ষক-শি‍ক্ষ‍িয়িত্ৰীসকলে সমগ্ৰ দিনটো মুখল ক'লা কপোৰ বান্ধি নিয়মীয়া শ্ৰেণীত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিক্ষা বিকাশ সমিতিয়ে বিবৃতিটোত কয় যে মহামান্য আদালতত সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তি গৰাকীয়ে জনোৱা আবেদনৰ ভিত্তিত জাতিৰ সঞ্জীৱনী ৰক্ষা কৰিব বুলি সকলো আশাবাদী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in