ইণ্টাৰনেটত কোনে কি কৰিছে চৰকাৰক জনালেই পাব ৬২ লাখ টকা!

ইণ্টাৰনেটত কোনে কি কৰিছে চৰকাৰক জনালেই পাব ৬২ লাখ টকা!

ডিজিটেল ডেস্কঃ লাখপতি হোৱাৰ সুবৰ্ণ সুযোগ। আপোনাৰ বন্ধু মহলৰ কোনোৱে সেইধৰণৰ ছবি বা ভিডিঅ' চাই নেকি? যদি চাই তেন্তে উপযুক্ত প্ৰমাণসহ আৰক্ষী প্ৰশাসনক অৱগত কৰক।

আৰক্ষী প্ৰশাসনক প্ৰমাণসহ উক্ত তথ্য দাখিল কৰাৰ লগে লগে আপুনি চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব ৬২ লাখ টকা (৮৬হাজাৰ মাৰ্কিন ডলাৰ)। কেবল সেইধৰণৰ ছবি বা ভিডিঅ'ই নহয়, ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কোনো ফটো, ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা লোকৰ তথ্য জনালেও লাভ কৰিব সমানেই ধন।

ভাৰতত উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ৮২৭টাৰো অধিক আপত্তিজনক ৱেবছাইট নিষিদ্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ বিপৰীতে
সচেতন আৰু সাহসী নাগৰিকক পুৰষ্কাৰ প্ৰদানৰ জৰিয়তে তেনে কাৰ্য বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে চীন চৰকাৰ। পূৰ্বেও দেশখনত এনেদৰে পুৰষ্কাৰ প্ৰদানৰ ব্যৱস্থা আছিল যদিও নতুন আইন অনুযায়ী এই ধন দুগুণ কৰা হৈছে।

উল্লেখ্য যে, যোৱা সপ্তাহত চাইবাৰস্পেচ এডমিনিষ্ট্ৰেশ্যন অব চাইনা চমুকৈ চিএচিয়ে চৰকাৰ বিৰোধী পোষ্ট কৰা বাবে অতি কমেও ৯৮০০ ছ'চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰি দিছিল। আনকি দেশখনৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'উইচাট' আৰু 'উইবো'কো এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হোৱা বাবে সকীয়নি প্ৰদান কৰে চীনা চৰকাৰী সংস্থাটোৱে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in