এইবাৰ কোনে কৰিলে সূৰ্যৰ নকল?

এইবাৰ কোনে কৰিলে সূৰ্যৰ নকল?

এইবাৰ কোনে কৰিলে সূৰ্যৰ নকল?

সকলোৰে নকল অথচ অবিকল সৃষ্টি সম্ভৱনে? বিশেষকৈ কোনোবাই যদি নকল সূৰ্ষ সৃষ্টি কৰিছে বুলি কওঁ তেনে আপুনি বিশ্বাস কৰিব জানোঁ? বিশ্বাস কৰকেই বা নকৰক এইবাৰ সূৰ্য সদৃশ নকল সূৰ্য সৃষ্টি কৰিছে এখন দেশে। ই ধ্বংসৰ নে সৃষ্টিৰ বতৰা? অসমীয়া প্ৰতিদিন জিটেলৰ বিশেষ প্ৰতিবেদন।

সূৰ্যৰ অবিকল। সূৰ্য সদৃশ আন এটা সূৰ্য। সূৰ্যত যিবোৰ নিউক্লিয় বিকিৰণ হয়, সেইবোৰেই এই নকল সূৰ্যতো হয়। সূৰ্যৰ দৰে প্ৰচণ্ড উত্তাপ এই মানুহে সৃষ্টি কৰা নকল সূৰ্যটোৰ। ১২০ মিলিয়ন ডিগ্ৰী চেলছিয়াছ তাপ বিকিৰণ কৰিব পাৰে মানৱ সৃষ্ট সূৰ্যটোৱে। ফাৰেণহাইট হিচাপত ২১৫ মিলিয়ন ফাৰেণহাইট উত্তাপ কৰিব পৰা সক্ষমতা আছে এই সূৰ্য।

কিন্তু ক'ত আছে এই কৃত্ৰিম সূৰ্য? ইয়াৰ বাবে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে 'ইনষ্টিটিউট অফ প্লাজমা ফিজিক্স চাইন্স একাডেমী'। পূব চীনৰ আংহুই প্ৰদেশৰ ৰাজধানী চহৰ হেফেই। এই হেফেইতে ওপৰত উল্লেখ কৰা প্লাজমা ফিজিক্সৰ গৱেষণাৰ কেন্দ্ৰটোত চীনে এই সূৰ্যৰ সৃষ্টি কৰিছে। নিউক্লিয় পৰীক্ষাৰ জড়িয়তে সৃষ্টি কৰা এই কৃত্ৰিম সূৰ্যই ১০১ ছেকেণ্ডৰ বাবে উক্ত তাপ দিব পাৰে। চীনৰ জিংহুৱা নামৰ এটা বাতৰি প্ৰতিষ্ঠানৰ মতে ইয়াৰ উপৰিও ২০ ছেকেণ্ডৰ বাবে সূৰ্যতকৈ ১০ গুণ বেছি তাপ দিব এই কৃত্ৰিম সূৰ্যই।

এই কৃত্ৰিম সূৰ্যৰ জড়িয়তে প্লজমাৰ উষ্ণতাৰ পৰা লাভ কৰা বহু বেছিগুণ তাপ সৃষ্টি কৰিবলৈ সক্ষম হৈছে চীনৰ বিজ্ঞানীসকলে। এই পৰীক্ষাগাৰত এটা গধূৰ নিউক্লিয়াৰৰ পৰা দুটা নিউক্লিয়াৰ বিকিৰণ ঘটাই এনে উত্তাপ আৰু কৃত্ৰিম সূৰ্য সৃষ্টি কৰাত সফল হৈছে। চীনৰ বিজ্ঞানীসকলৰ মতে এই উষ্ণতাৰ জড়িয়তে হাইড্ৰজেনৰ আইছট্ৰপ ফিজিয়ন ডিভাইছচৰ ভিতৰত ৰখাই প্লাজমা সৃষ্টি কৰিব পাৰিব, য'ত আইয়ন আৰু ইলেক্ট্ৰন সমূহ পৃথক কৰিব পৰা যাব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চীনে ২০১৮ চনত ১০০ মিলিয়ন ডিগ্ৰী চেলছিয়াছ উৎপন্ন কৰিবলৈ সক্ষম হৈছিল। চীনৰ হাতত থকা এই কৃত্ৰিম সূৰ্য সৌৰ জগতৰ সূৰ্যতকৈ দহগুণ বেছি উত্তপ্ত হ'ব।

চীনৰ বিজ্ঞানী সকেল বহু আবিস্কাৰে পৃথিৱীত চমক সৃষ্টি কৰিছে। কিন্তু কৃত্ৰিম সূৰ্য আবিস্কাৰৰ জড়িয়তে চীনে দিয়া এই চমকক প্ৰকৃতিৰ প্ৰতি এক দাঙৰ প্ৰত্যাহ্বান বুলি বিশ্ব মহেল মন্তব্য কৰিছে। চীনৰ মতে পৰৱৰ্তী সময়ত এই কৃত্ৰিম সূৰ্যৰ জড়িয়তে তেওঁলোকে ইচ্ছা অনুসৰি দিন-ৰাতি কৰিব পাৰিব। ২০০৬ চনৰ পৰাই চীন এই পৰীক্ষাত ব্ৰতী হৈছিল। চীনৰ বিজ্ঞানী সকলৰ দাবী এদিন সূৰ্যৰ শক্তি কমি আহিব । তেতিয়া এই কৃত্ৰিম সূৰ্যৰ জড়িয়তেই পৃথিৱী পৰিচালিত হব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in