চীনৰ পৰা কলকাতালৈ চলিব বুলেট ট্ৰেইন!

চীনৰ পৰা কলকাতালৈ চলিব বুলেট ট্ৰেইন!

ডিজিটেল ডেস্কঃ চীনৰ পৰা উত্তৰ-পূবৰ কাষেৰে কলকাতালৈ চলিব বুলেট ট্ৰেইন। যি সময়ত ডোকলাম আৰু অৰুণাচল সীমান্তত উত্তেজনা অব্যাহত আছে সেই সময়তে এই প্ৰস্তাব আগবঢ়াইছে চুবুৰীয়া দেশখনৰ কনছুল জেনেৰেলে।

পশ্চিম ভাৰতত বুলেট ৰেল সেৱা আৰম্ভ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ পিছত পূব ভাৰতেও এতিয়া লাভ কৰিব পাৰে এই দ্ৰুতগামী ৰেলসেৱাৰ সুবিধা। সম্প্ৰতি কল্পনা যেন লাগিলেও এনে পৰিকল্পনাক লৈ উৎসাহিত হৈ পৰিছে চীনা কনছুল জেনেৰেল মা ঝানভু।

বুধবাৰে কলকাতাত আয়োজিত এক অনুষ্ঠানত ঝানবুৱে জনায় যে সকলো ঠিকে-ঠাকে থাকিলে চীনৰ কুনমিং চহৰৰ পৰা ম্যানমাৰ আৰু বাংলাদেশ হৈ কলকাতালৈ চলিব বুলেট ট্ৰেইন। কলকাতালৈ বুলেট ট্ৰেইন চলাবলৈ চীন চৰকাৰ সাজু বুলিও স্পষ্টকৈ কয় তেওঁ।

অৱশ্যে এয়া দুয়ো দেশৰ যৌথ প্ৰচেষ্টাতহে সম্ভৱ বুলিও মন্তব্য কৰে ঝানবুৱে। পৰিকল্পনা বাস্তৱ হ'লে সমগ্ৰ দক্ষিণ-পূব এছিয়াত এক অৰ্থনৈতিক নৱজাগৰণ সৃষ্টি হ'ব বুলিও আশা প্ৰকাশ কৰে তেওঁ।

'এই প্ৰকল্পই বাস্তৱ ৰূপ পালে কুনমিঙৰ পৰা কলকাতালৈ ২৮০০ কিলোমিটাৰ দূৰত্ব হৈ পৰিব মাত্ৰ কেইঘণ্টামানৰ বাট। ইয়াৰ ফলত বাংলাদেশ আৰু ম্যানমাৰো লাভৱান হ'ব।'-চীনা কনছুল জেনেৰেলগৰাকীয়ে কয়।

২০১৫ চনত কুনমিঙত অনুষ্ঠিত গ্ৰেটাৰ মেকং ছাবৰিজিঅ'ন সন্মিলনত এই প্ৰকল্পৰ প্ৰসংগ উত্থাপিত হৈছিল বুলিও সদৰী কৰে চীনা শীৰ্ষ বিষয়াগৰাকীয়ে। আজিৰ অনুষ্ঠানটোত তেওঁ ঐতিহাসিক ছিল্ক ৰুটৰ বিষয়েও উল্লেখ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in