শেহতীয়া খবৰ
অৰুণাচল, ছিকিমৰ বিধানসভা নিৰ্বাচন, ১৮ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ  •  হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

চীনত আধুনিক ৰামৰ অৱতাৰ! পত্নীক কেনেদৰে ল’লে প্ৰেমৰ পৰীক্ষা, চাওঁক VIDEO

541

ডিজিটেল ডেস্কঃ চীনত জন্ম হ’ল আধুনিক ৰামৰ। ৰামে সীতাৰ সতীত্তক পৰীক্ষা কৰাৰ দৰে এইজন চীনা লোকে তেওঁক পত্নীয়ে কিমান ভাল পায় তাক চাবলৈ কৰিলে এখন নাটক। পেন নামৰ লোকজনে লাভ কেছ কৰাৰ মানসেৰে তেওঁৰ ঘৰৰ পৰা ওলাই গৈ প্ৰথম সুৰা সেৱন কৰিলে। তাৰপাছত তেওঁ পত্নীলৈ ফোন কৰি ক’লে যে- ৰাস্তাৰ মাজত তেওঁ ৰৈ আছে। আৰু তেওঁ এতিয়া পত্নীৰ প্ৰেমৰ পৰীক্ষা ল’ব। পত্নীয়ে যদি তেওঁক সঁচাকৈ ভাল পায় তেন্তে তেওঁৰ ৰাস্তাৰ মাজৰ পৰা আঁতৰাই বচাব।

সেই সময়ত এখন-দুখনকৈ বহু গাড়ী পাৰ হৈ গ’ল। পত্নীও আহিল উপস্থিত হ’লহি স্বামীৰ কাষত। বাৰে বাৰে তেওঁক পত্নীয়ে পথৰ মাজৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰে। কিন্তু তেওঁ পথৰ মাজলৈ আগবাঢ়ি যায়। চাওঁক সেই ভিডিঅ’, কেনেদৰে পত্নীৰ প্ৰেমৰ পৰীক্ষা ল’লে এইজন চীনৰ লোকে।

এবাৰ এখন গাড়ীয়ে আহি তেওঁক খুন্দা মাৰিলে। গুৰুতৰভাৱে আহত হৈ তেওঁ এতিয়া হাস্পতালত। আৰক্ষীক দিয়া স্বীকাৰোক্তিত লোকজনে কৈছে- ‘মই চাব বিচাৰিছিলো পত্নীয়ে মোক বচাই নে নবচায়। যদি তেওঁ মোক ভাল পালেহেঁতেন তেন্তে মোক পথৰ মাজৰ পৰা আঁতৰাই আনিলে হয়। কিন্তু মোৰে দুৰ্ভাগ্য গাড়ীয়ে মোক খুন্দিয়ালে। এতিয়া মই গুৰুতৰভাৱে আহত।’

পত্নীৰ লাভ টেষ্টৰ পৰীক্ষা লৈ মূৰ আৰু বুকুত বহু আঘাত পাইছে এই লোকজনে। ইফালে, পত্নীৰ মন্তব্য- ‘মই দুখিত মোক স্বামীয়ে এনেদৰে প্ৰেমৰ পৰীক্ষা ল’লে। ’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি