চীনত হত্যা কৰা হ’ব কোৰোনা ভাইৰাছ আক্ৰান্ত ২০ হেজাৰ লোকক! পঢ়ক সৱিশেষ…

চীনত হত্যা কৰা হ’ব কোৰোনা ভাইৰাছ আক্ৰান্ত ২০ হেজাৰ লোকক! পঢ়ক সৱিশেষ…

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত হঠাৎ ভাইৰেল হোৱা এটা খবৰ। খবৰটো চকুত পৰাৰ লগে লগে প্ৰতিজন লোকেই কেইমুহুৰ্তমানৰ বাবে আচৰিত হৈছিল। কেনেকৈ সম্ভৱ এই কথা! তথাপিও দুই-এক লোকে ভাবিছিল কোৰোনা ভাইৰাছৰ দ্বাৰা চীনত ১,১১৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বাবেই লোৱা হৈছে চাগৈ এই ব্যৱস্থা।

প্ৰকৃত খবৰটো আছিল কোৰোনা ভাইৰাছৰ চিকাৰ হোৱা ২০,০০০ লোকক চীনে হত্যা কৰিব খুজিছে। ইয়াৰ বাবে ন্যায়ালয়ৰ পৰা চীনৰ চৰকাৰে অনুমতি বিচাৰিছে। খবৰটোৰ সত্যা-সত্য নিৰ্ণয় কৰিবলৈ চলোৱা হৈছিল এক অনুসন্ধান। অনুসন্ধানত এই খবৰ ভুৱা বুলি প্ৰমাণ পোৱা গ'ল।

ab-tc.com নামৰ এটা অখ্যাত ৱেবচাইটৰ এটা প্ৰবন্ধৰ পৰাহে প্ৰকৃততে এই খবৰ বিয়পিছিল। প্ৰবন্ধটোত কোৱা হৈছিল চীনৰ চৰকাৰে দেশখনৰ কোৰোনা ভাইৰাছৰ আক্ৰমণৰ সন্মুখীন হোৱা ২০ হেজাৰ লোকক হত্যা কৰিবলৈ ন্যায়ালয়ৰ অনুমতি বিচাৰিছে। প্ৰবন্ধটোৰ শিৰোনাম দিয়া হৈছিল, 'China seeks court's approval to kill over 20,000 coronavirus patients to avoid further spread of the virus'।

তাত লিখা হৈছিল, "Supreme People's Court is expected to give an approval on Friday for the mass killing of coronavirus patients in China as sure means of controlling the spread of the deadly virus" বুলি।

লগে লগে এই প্ৰবন্ধটোৰ স্ক্ৰীনশ্বট ফেচবুকত ভাইৰেল হৈ পৰিছিল। কোনো কোনো লোকে ন্যায়ালয়ৰ অনুমতি বিচৰাৰ লগতে ইতিমধ্যে বহুলোকক হত্যা কৰা হৈছে বুলিও লিখিছিল।

অসমতো বুধবাৰৰ দিনটোত এই বাতৰিটো ভাইৰেল হৈ পৰিছিল। ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই খবৰ শ্বেয়াৰ কৰিছিল।

খবৰটোত বহুলোকে আশ্চৰ্য প্ৰকাশ কৰি মতামত দি চীনৰ চৰকাৰক কটাক্ষ কৰিছিল। ইফালে চীনৰ কোনো পৰিচিত সংবাদমাধ্যমে এই খবৰ প্ৰচাৰ কৰা নাছিল। উল্লেখ্য যে, ab-tc.com নামৰ ৱেবচাইটটোৱে ইয়াৰ পূৰ্বে কেবাটাও মিছা খবৰ (ফেক নিউজ) সম্প্ৰচাৰ কৰি পাঠকৰ সমালোচনাৰ সন্মুখীন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in