শেহতীয়া খবৰ
জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বঁটা...  •  সাহসী সেনা বিষয়াক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে কীৰ্তি চক্ৰ, উত্তম যুদ্ধ সেৱা মেডেল...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মুখ খুলি নক’লেও বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা!  •  অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...

নতুন অভিলেখ! পাহাৰৰ ওপৰত নিৰ্মাণ ৩৫০ মিটাৰ উচ্চ ঘাইপথ…

6,189

ডিজিটেল ডেস্কঃ পুনৰ অভিলেখ গঢ়িলে চীনে। সমগ্ৰ বিশ্বত আটাইতকৈ দীঘল সাগৰীয় দলং নিৰ্মাণৰ পাছত এইবাৰ চীনে সাজি উলিয়াইছে এটা বিশেষ ঘাইপথ। চীনৰ টাইৱাং চহৰত নিৰ্মাণ কৰা হৈছে এই ঘাইপথটো। চীনৰ উত্তৰ-পশ্চিম অঞ্চলৰ সাক্ষী প্ৰান্তত নিৰ্মাণ কৰি উলিওৱা হৈছে এই তিনিমহলীয়া ঘাইপথটি। এই পথটি তিয়ানলোংগ পাহাৰত মুঠ ১,৩৭০ মিটাৰ ওপৰত নিৰ্মাণ কৰা হৈছে।

উল্লেখ্য যে, সাপৰ কুণ্ডলী সদৃশ এই পথটোৰ দৈৰ্ঘ্য ৩০ কিঃমিঃ। অৰ্থাৎ আপুনি পথটোত এবাৰ যাত্ৰা আৰম্ভ কৰিলে আদবাটত গাড়ী নৰখোৱাকৈ সম্পূৰ্ণ কৰিব লাগিব যাত্ৰা। কিন্তু পথটোত বৰ্তমানেও আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাই। কাৰণ পথটোত পৰীক্ষামূলকভাৱেহে যান-বাহন চলাই থকা হৈছে।

ইফালে, এই পথটো নিৰ্মাণত প্ৰায় ৭ হাজাৰ টন ষ্টীল ব্যৱহাৰ কৰা হৈছে। আৰু তিনিমহলীয়া এই পথটোৰ মুঠ উচ্চতা ৩৫০ মিটাৰ। চীনৰ অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰাহে এই কাম সফল হোৱা বুলি উল্লেখ কৰি বৰ্তমান চাইনা চৰকাৰে এই পথটো পৰ্যটকক বিশেষ আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি