চীনত লেকিমা ঘূৰ্ণীবতাহৰ তাণ্ডৱ! বৰ্তমানলৈ নিহত ৪৯জন…

চীনত লেকিমা ঘূৰ্ণীবতাহৰ তাণ্ডৱ! বৰ্তমানলৈ নিহত ৪৯জন…

ডিজিটেল ডেস্কঃ চীনত চলিত বৰ্ষত 'লেকিমা' ঘূৰ্ণীবতাহে বৰ্তমানলৈ প্ৰাণ কাঢ়িলে ৪৯জনকৈ লোকৰ। ইফালে, ২১জনকৈ লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ৱেনলিংগ চহৰৰ ঝেচিয়াংগ প্ৰান্তত শনিবাৰে লেকিমা ঘূৰ্ণীবতাহ নিশা প্ৰায় ২ বজাত আহে। আৰু চহৰখনত বিস্তৰ ক্ষতিসাধন কৰে।

স্থানীয় সংবাদমাধ্যম অনুসৰি, ঘূৰ্ণীবতাহৰ বাবে সোমবাৰে নিশালৈকে ৪৯জনকৈ লোকে প্ৰাণ হেৰুওৱাইছে। ইফালে, চৰকাৰী বিষয়াই জনাই যে, প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰায় ২৬ আৰৱ য়ুয়ানৰ ক্ষয়ক্ষতি হৈছে চহৰখনত।

ঝেজিয়াঙত প্ৰায় ৬৬.৮ লাখ লোকৰ সা-সম্পত্তি লেকিমা ঘূৰ্ণীবতাহত ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, প্ৰায় ১২.৬ লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে যদিও, প্ৰায় ২,৩৪,০০০ হেক্টৰ খেতিপথাৰ নষ্ট হয় এই ঘূৰ্ণীবতাহৰ ফলত।   

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in