উপস্থিতি প্ৰথম ধৰা পেলোৱা ডাক্টৰ লিৱেন লিয়াঙৰো প্ৰাণ ল’লে কোৰোনা ভাইৰাছে…

উপস্থিতি প্ৰথম ধৰা পেলোৱা ডাক্টৰ লিৱেন লিয়াঙৰো প্ৰাণ ল’লে কোৰোনা ভাইৰাছে…

ডিজিটেল ডেস্কঃ এজন চিকিৎসক। নাম তেওঁৰ লিৱেন লিয়াং। কিছুদিন ধৰি এই চিকিৎসকগৰাকীক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা হৈছিল। চীনত কোৰোনা ভাইৰাছৰ সংক্ৰমণ এতিয়াও অব্যাহত আছে। এই ভাইৰাছত আক্ৰান্ত হৈ ৬ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে ।

কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ পূৰ্বে এই চিকিৎসক গৰাকীয়ে তেনে এবিধ ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আনিছিল। চিকিৎসকগৰাকীয়ে তেনে ভাইৰাছত আক্ৰান্ত হোৱা কেইবাজনো ৰোগীক চিকিৎসা কৰি এটা ছ'চিয়েল মিডিয়াৰ গ্ৰুপত এক অজ্ঞাত ভাইৰাছৰ উপস্থিতিৰ কথা লগৰ বন্ধুসকলক অৱগত কৰিছিল।

চিকিৎসকজনৰ এই মেছেজ দেশজুৰি ভাইৰেল হৈছিল। পৰৱৰ্তী সময়ত চীনৰ আৰক্ষী আৰু চৰকাৰে চিকিৎসকজনক এনে উৰা বাতৰি প্ৰচাৰ কৰা বুলি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। এই কামৰ বাবে চিকিৎসকগৰাকীক নিঃচৰ্ত ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল চীনৰ প্ৰশাসনে।

কিন্তু চিকিৎসকগৰাকীৰ অনুমানেই সঁচা প্ৰমাণিত হৈছিল। পৰৱৰ্তী সময়ত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ চীনত বহু লোকৰ মৃত্যু হোৱাৰ পাছত চিকিৎসকজনে সন্দেহ কৰা সেই ভাইৰাছ বিধৰ পৰাই যে এই মহামাৰীৰ সৃষ্টি হৈছে সেয়া প্ৰমাণ হয়।

চীনৰ আৰক্ষী আৰু প্ৰশাসনে চিকিৎসকগৰাকীৰ ওচৰত ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিছিল। কেইবাজনো ৰোগীক ইতিমধ্যে কোনো প্ৰতিৰোধমুলক ব্যৱস্থা গ্ৰহণ নকৰাকৈ চিকিৎসা আগবঢ়োৱা এই চিকিৎসকগৰাকী আক্ৰান্ত হৈছিল কোৰোনা ভাইৰাছৰ দ্বাৰা।

দীৰ্ঘদিন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এই চিকিৎসকগৰাকীয়ে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। ৩৩ বছৰীয়া চিকিৎসকগৰাকীৰ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। চীনৰ নেশ্যনেল হেল্থ কমিছনে উল্লেখ কৰা মতে, বৰ্তমানলৈকে দেশখনত ৬৩৬জন লোকৰ মৃত্যু হৈছে কোৰোনা ভাইৰাছত।

এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ৩১,১৩১জন। চীনৰ সামাজিক মাধ্যম 'উই চাট'যোগে তেনে এবিধ ভাইৰাছৰ উপস্থিতিৰ কথা সন্দে কৰি বন্ধুলৈ মেছেজ পঠাইছইল ডাক্টৰ লিয়ে। এজন ছাৰ্জন হিচাপে কাৰ্যনিৰ্বাহ কৰা ডক্টৰ লিৰ মৃত্যুত চীনৰ লগেত বিশ্বজুৰি শোক ব্যক্ত কৰিছে বিভিন্নজনে।

ইফালে, চীনৰ চৰকাৰে এই চিকিৎসকজনৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰা নাছিল যদিও দেশখনৰ দুখন বাতৰি কাকতে এই খবৰ প্ৰকাশ কৰিছে। ইয়াৰ বাবে চীনৰ চৰকাৰে দুয়োখন কাকতৰ সম্পাদকলৈ কাৰণ দৰ্শোৱা জাননীও প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in