চীনত কোৰোনা ভাইৰাছৰ ফলত নিহতৰ সংখ্যা ৪৯০ জনলৈ বৃদ্ধি, ১০ দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হৈছে ১০০০ খন বিচনাযু্ক্ত চিকিৎসালয়…

চীনত কোৰোনা ভাইৰাছৰ ফলত নিহতৰ সংখ্যা ৪৯০ জনলৈ বৃদ্ধি, ১০ দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হৈছে ১০০০ খন বিচনাযু্ক্ত চিকিৎসালয়…

ডিজিটেল ডেস্কঃ ৪৯০ জনলৈ বৃদ্ধি পাইছে চীনত কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত নিহত লোকৰ সংখ্যা। চীন স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা মতে, ২৪ হাজাৰৰো অধিক লোক এই ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। আনহাতে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত কেৱল মঙলবাৰেই চীনত ৬৫ জন লোকে প্ৰাণ হেৰুওৱা বুলি জানিবলৈ দিছে চীন স্বাস্থ্য বিভাগে। ৰাষ্ট্ৰখনৰ হুৱেই প্ৰান্ততে সৰ্বাধিক সন্ত্ৰাস সৃষ্টি কৰিছে এই ভাইৰাছে।

চীনৰ পিছত ইতিমধ্যে এই মাৰাত্মক ভাইৰাছ বিশ্বৰ ২০ৰো অধিক দেশলৈ সংক্ৰমিত হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। তেনে পৰিস্থিতিলৈ লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংগঠন (WHO)-এ ইণ্টাৰনেশ্যনেল হেল্থ ইমাৰজেন্সি ঘোষণা কৰিছে। ইফালে চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছৰ বাবে বিশ্বৰ কেইবাখনো দেশে চীনৰ সৈতে বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি ৰাখিছে।

উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুঁজ দিবলৈ চীনে ১০ দিনৰ ভিতৰত ১০০০খন বিচনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰি উলিয়াইছে। আনহাতে ১৩০০খন বিচনাযুক্ত আন এখন হাস্পতালৰ নিৰ্মাণৰ কাম তৰিৎ গতিত চলাই থকা হৈছে। কিন্তু ১.৪ আৰৱ জনসংখ্যাৰ দেশ চীনত কোৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰাকৈ চিকিৎসা উপকৰণৰ নাটনি হৈ পৰিছে। যাৰ বাবে চীনে মেডিকেল মাস্ক, মেডিকেল গাউন আৰু সুৰক্ষা গ্লোভছ অন্য দেশৰ পৰা আমদানি কৰিবলগা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in