চীনত বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে কোৰোনা ভাইৰাছেঃ নিহতৰ সংখ্যা ১,৪৮৩ জনলৈ বৃদ্ধি

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ চীনত বিভীষিকাৰ ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত নিহত লোকৰ সংখ্যা ১,৪৮৩ জনলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে চীনৰ স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি কেৱল বৃহস্পতিবাৰৰ দিনটোতে চীনৰ হুৱেই প্ৰান্তত ১১৬ লোকে এই ভাইৰাছৰ সংক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱায়।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰে হুৱেই প্ৰান্তত ৪,৮২৩ টা কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ নতুন খবৰ পোহৰলৈ আহিছে। ইয়াৰে ৩,০৯৫ জন লোকৰ দেশত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত ভাইৰাছৰ সংক্ৰমণ নিশ্চিত কৰিছে চিকিৎসকে। আনহাতে বৰ্তমানলৈকে চীনত মুঠ ৬৪,৬২৭ জন লোক এই ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱা বুলি জানিব পৰা গৈছে।

চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে প্ৰকাশ কৰা মতে, বুধবাৰে সৰ্বাধিক ২৪২ জন লোকৰ মৃত্যু ঘটে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত। দেশখনত হুৱেই প্ৰান্ত আৰু ৱুহান চহৰতে এই ভাইৰাছৰ সংক্ৰমণ সৰ্বাধিক হৈছে বুলি জানিব পৰা গৈছে। আনহাতে ৰাষ্ট্ৰখনত ক্ৰমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰা এই ভাইৰাছৰ ফলত অন্য ৰাষ্ট্ৰৰ সৈতে বানিজ্যিক সম্পৰ্ক সাময়িকভাৱে স্থগিত ৰাখিছে চীন চৰকাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in