চীনৰ দাবীঃ এলএচিত ভাৰতীয় সেনাই নিক্ষেপ কৰিলে ৱাৰ্ণিং শ্ব’টছ…

চীনৰ দাবীঃ এলএচিত ভাৰতীয় সেনাই নিক্ষেপ কৰিলে ৱাৰ্ণিং শ্ব’টছ…

ডিজিটেল ডেস্কঃ চীনে দাবী কৰিছে যে ভাৰতীয় সেনা বাহিনীয়ে এলএচিত ৱাৰ্ণিং ফাইৰিং কৰিছে অৰ্থাৎ ৱাৰ্ণিং শ্ব'ট ফাইৰিং কৰিছে। চীনা সেনাৰ প্ৰবক্তাই কয় যে, চীনাৰ সীমা সুৰক্ষা বাহিনীয়েও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোগ্যপ্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছে। অৱশ্যে ভাৰতে বৰ্তমানলৈ এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, চীনা সেনা প্ৰবক্তাগৰাকীয়ে কয় যে, 'ভাৰতীয় সেনা বাহিনীয়ে অবৈধভাৱে এলএচি পাৰ কৰিছে আৰু পেংগোংগ হ্ৰদৰ দক্ষিণ দিশৰ শেনপাঅ' মাউণ্টেন এলেকাত প্ৰৱেশ কৰে। অভিযানৰ সময়ত ভাৰতীয় সেনা বাহিনীয়ে চীনা সেনাৰ ভাবুকি দিয়াৰ ভংগীমাৰে ফাইৰিং কৰে। তাৰপাছতে চীনা সেনা বাহিনীয়েও যোগ্যপ্ৰত্যুত্তৰ দিবলৈ বাধ্য হয়। লগতে তেওঁ আহ্বান জনাই কয়- 'আমি ভাৰতীয় পক্ষক আৱেদন জনাইছো যে, এই ধৰণৰ কামবোৰ যেন নকৰে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in