শেহতীয়া খবৰ
চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO

মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণাত পুনৰ বাধা চীনৰ

665

ডিজিটেল ডেস্কঃ জইছ-ই-মহম্মদৰ প্ৰধান দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ৰূপে ঘোষণা কৰাত পুনৰ এবাৰ হেঙাৰ হৈ থিয় দিলে চীনে। মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ বাবে ইউ এনৰ ওচৰত দাখিল কৰা প্ৰস্তাৱত ভিট’ পাৱাৰ প্ৰয়োগ কৰি বিৰোধিতা কৰে চীনে।

উল্লেখ্য যে, বুধবাৰে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী আদি ৰাষ্ট্ৰৰ সমৰ্থনত পুলৱামা কাণ্ডৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছিল। কিন্তু চীনে সেই প্ৰস্তাৱৰ প্ৰতি অসন্মতি প্ৰকাশ কৰি তাৰ বিৰোধিতা কৰে।

আন্তৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদত এইবাৰৰ লগতে মুঠ ৪ বাৰকৈ চীনে ভিট’ পাৱাৰৰ ব্যৱহাৰেৰে মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাত বাধা প্ৰদান কৰিছে। বৰ্তমান পাকিস্তানত আত্মগোপন কৰি থকা মাছুদ আজাহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাত বাধা প্ৰদান কৰিবলৈ চীনৰ হাতত বুধবাৰৰ নিশা ১২.৩০ বজালৈকে সময় আছিল। কিন্তু তাৰ পূৰ্বেই চীনে এই প্ৰস্তাৱত বাধা প্ৰদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি