চিলঙনীত পথ দুৰ্ঘটনাত এজন নিহত

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও-বটদ্ৰৱা-ধিং সংযোগী জৰাৰ্জীণ গড়কপ্তানী পথত মঙলবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়।

পথচোৱাৰ চিলঙনী নতুন পেট্ৰল পাম্পৰ সমীপতে এখন ডাম্পাৰৰ চেপাত পৰি থিতাতে নিহত হয় ৰাইডঙীয়া কৰচুং সত্ৰ নিবাসী ভবেন বৰা নামৰ লোকজন।

নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সৰবৰাহ ব্যক্তি ভবেন বৰাই কৰচুংসত্ৰৰ নিজা গৃহৰ পৰা নগাঁও অভিমুখে স্কুটীৰে গৈ থকা অৱস্থাত চিলঙনী নতুন পেট্ৰল পাম্পাৰ সমীপতে পিছফালৰ পৰা গৈ থকা ডাম্পাৰখনে খুন্দা মাৰে।

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৰোণোত্তৰ পৰীক্ষাৰ অন্তত কৰচুংসত্ৰৰ নিজা বাসগৃহলৈ অনা হয় নিহত বৰাৰ নিথৰ দেহ ৷ এক শোকাকুল পৰিৱেশত নিশাই শেষকৃত সম্পন্ন কৰা হয় বুলি জানিব পৰা গৈছে৷

পত্নীসহ এটি পুত্ৰ আৰু এগৰাকী জীয়াৰীক ইহসংসাৰত এৰি যোৱা সমাজপ্ৰিয় লোকজনৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ ইতিমধ্যে নগাঁও আৰক্ষীয়ে দূৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in