সংসদ ভৱনত জলকীয়া গুৰি নিক্ষেপ সাংসদৰ, স্তম্ভিত বিশ্ব

সংসদ ভৱনত জলকীয়া গুৰি নিক্ষেপ সাংসদৰ, স্তম্ভিত বিশ্ব

ডিজিটেল ডেস্কঃ সংসদ ভৱনত জলকীয়া গুৰি নিক্ষেপৰ ঘটনাই স্তম্ভিত কৰি তুলিছে বিশ্ববাসীক। শুকুৰবাৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত সংঘটিত হয় এই ঘটনা।

সাংবিধানিক সংকটে দেখা দিয়া দ্বীপৰাষ্ট্ৰখনত দ্বিতীয় দিনাৰ বাবেও অস্থিৰ হৈ পৰে সংসদ ভৱন। সকলোকে আচৰিত কৰি সাংসদসকলে এটা পক্ষই আনটো পক্ষৰ গালৈ জলকীয়াৰ গুৰি ছটিয়াই আক্ৰমণৰ চেষ্টা চলায়।

একাংশ সাংসদে চকী-মেজো দলিয়াই-গুৰিয়াই লণ্ড-ভণ্ড কৰে। বৃহস্পতিবাৰেও সংসদ ভৱনত সাংসদসকলে ইজনে আনজনক ঘূচিয়াই আক্ৰমণৰ চেষ্টা চলোৱা কাৰ্যই সকলোকে হতচকিত কৰি তুলিছিল।

সাংসদসকলৰ এনে উদ্ভণ্ডালিৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ নিৰাপত্তাবেষ্টনীৰ মাজেৰে নিৰাপদ স্থানলৈ যাবলৈ বাধ্য হৈ পৰে অধ্যক্ষ কৰু জয়সূৰ্য।

উল্লেখ্য যে ২৬ অক্টোবৰত ৰাষ্ট্ৰপতি এম শ্ৰীসেনাই প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংঘেক অপসাৰণ কৰি উক্তস্থানত পূৰ্বৰ ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপাক্ষেক নীতি বৰ্হিভূতভাৱে অধিষ্ঠিত কৰায়। ইয়াৰ পিছতে সমগ্ৰ দ্বীপৰাষ্ট্ৰখনত উত্তপ্ত হৈ পৰে ৰাজনৈতিক পৰিস্থিতি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in