শেহতীয়া খবৰ
লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সাংসদ পুঁজিৰ ১ কোটি আৰু দৰমহাৰ ১ লাখ টকা কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৰিপুন বৰাই...  •  বিজেপি নেত্ৰীৰ বাসগৃহ নে ওৱাইন শ্ব’প? আৰক্ষীৰ অভিযানত উদ্ধাৰ ৫ লক্ষাধিক টকাৰ সুৰা, দলৰ পৰাও খালে খেদা... VIDEO  •  লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় আৰু আন সামগ্ৰীসমূহ কঢ়িওৱা বাহন চলাচলত নাথাকিব কোনো প্ৰতিবন্ধকতা...

কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা…

73

ডিজিটেল ডেস্কঃ যিকোনো ৰোগ নিৰাময়ৰ বাবে চিকিৎসকৰ চিকিৎসাৰ উপৰিও ৰোগী মানসিকভাৱে সুস্থ হৈ থকাটো খুবেই প্ৰয়োজন। দেশ-বিদেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত ৰোগীৰ মানসিক স্থিতি সুস্থ-সবল কৰি ৰাখিবৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা হয়। উত্তৰ-পূবৰ এখন অগ্ৰণী চিকিৎসালয় বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানেও ৰোগীৰ মনোবল বৃদ্ধিৰ বাবে এনে বিভিন্ন কাৰ্যসূচী সময়ে সময়ে গ্ৰহণ কৰি আহিছে।

শেহতীয়াকৈ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত কেইগৰাকীমান শিশু ৰোগীক মানসিক স্থিতি সুস্থ-সবল কৰাৰ উদ্দেশ্যই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে এক বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰে। চিকিৎসালয়খনে শিশু ৰোগীকেইগৰাকীক অভিভাৱকৰ সৈতে মহানগৰীৰত থকা বালাজী মন্দিৰ পৰিভ্ৰমণ কৰায়। লগতে বিভিন্ন তৰহৰ খেলেৰে শিশুসকলৰ মনত আনন্দ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰা হয়। উল্লেখ্য যে, শনিবাৰে প্ৰায় ১০ গৰাকী শিশু কৰ্কট ৰোগীক এই ব্যতিক্ৰমী কাৰ্যসূচীত সাঙুৰি লয় চিকিৎসালয়খনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি