সোপাধৰা অসম আৰক্ষীৰ সৃষ্টি, দাবী সদৌ মৰাণ ছাত্ৰ সন্থাৰ

সোপাধৰা অসম আৰক্ষীৰ সৃষ্টি, দাবী সদৌ মৰাণ ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ উজনি অসমৰ অন্যতম শিক্ষিত লোকৰ চহৰ ডিব্ৰুগড়ৰ খলিহামাৰীত যোৱা ৪ আগষ্টত সোপাধৰাৰ সন্দেহত কাকপথাৰৰ মৃদুল মৰাণক প্ৰত্যক্ষভাৱে শাৰিৰীকভাৱে নিৰ্মম অত্যাচাৰ কৰাৰ আঁৰত অসম আৰক্ষীৰ জোৱানৰ হাত আছে। এই অভিযোগ উত্থাপন কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিয়ে৷

উল্লেখ্য যে যোৱা ১ আগষ্টত মৰাণৰ কনিষ্ঠা কন্যা ডেইজী মৰাণৰ দেহত জাপানীজ এনকেফেলাইটিছ ৰোগ ধৰা পৰাত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু ৰোগ নিৰ্ণয় কৰাৰ পাছত চিকিৎসকে পিতৃক অৱগত কৰে যে তেওঁৰ কন্যাৰ আয়ুসকাল টুটি আহিছে৷

চিকিৎসকৰ মুখত নিজ কন্যাৰ বিষয়ে শুনাত উপায়ান্তৰ হৈ পিতৃ মৃদুল মৰাণে মানসিক ভাৰসাম্য হেৰুৱাই হাস্পতালৰ পৰা দৌৰি ওলাই যোৱাৰ পাছত ঘূৰি নহাত জ্যেষ্ঠ কন্যাই ছ'চিয়েল মিডিয়াযোগে পিতৃৰ সন্ধান কৰাত সহায় কৰিবলৈ বন্ধুসকলক আহ্বান জনোৱাত ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষী চকীয়ে মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি অনা বুলি সম্ভেদ লাভ কৰাত পিতৃৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে পৰিয়ালৰ লোকক এখন উকা কাগজত স্বাক্ষৰ কৰোৱাই চমজাই দিয়ে৷

পৰৱৰ্তী সময়ত মৃত্যুমূখী যন্ত্ৰণাত আটাহ পাৰি থকা দুই পিতৃ-কন্যাক ঘৰলৈ উভতাই আনি ওচৰ-চুবুৰীয়াৰ উপৰি, স্থানীয় ছাত্ৰ সংগঠন আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

শেহতীয়াকৈ সুস্থ হোৱা মৃদুল মৰাণৰ ভাষ্য অনুসৰি মানসিক ভাৰসাম্য হেৰুৱাই তেওঁ যেনি-তেনি ঘূৰি ফুৰোতে পথভ্ৰষ্ট হৈ ৩ আগষ্টৰ সন্ধিয়া চহৰখনৰ খলিহামাৰী অঞ্চলৰ অগ্নিনিৰ্বাপক বাহিনীৰ ৰেডক্ৰচ ৰোডৰ ফাৰ্ষ্ট বৰ্হিলাইনত প্ৰৱেস কৰে৷ সেয়াই আছিল তেওঁৰ অপৰাধ৷ বুদ্ধেশ্বৰ দত্ত নামৰ অসম আৰক্ষীৰ জোৱানজনে মানসিক ভাৰসাম্য হেৰুওৱা মৃদুল মৰাণক সোপাধৰা সজাই শাৰিৰীক অত্যচাৰ চলায়৷

দত্ত উপাধিধাৰী জোৱানগৰাকীৰ নেতৃত্বত ডিব্ৰুগড়ত ওৰেনিশা চলে ডকমকা কাণ্ডৰ দৰে এগৰাকী নিৰীহ ব্যক্তিৰ ওপৰত শাৰিৰীক অত্যাচাৰ। আৰক্ষীৰ দলটোৱে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে মৰাণক৷ এনেতে খোদ আৰক্ষীৰে ৰাইডাৰ পাৰ্টিয়ে পাই ততাতৈয়াকৈ মৰাণক উদ্ধাৰ কৰি মিলন নগৰ আৰক্ষী চকীলৈ আনে৷

পৰৱৰ্তী সময়ত সমস্ত ঘটনাৰ উমান পাই জোৱানদ্বয়ক ৰক্ষণাবেক্ষণ দিয়াৰ নিমিত্তে আৰক্ষীৰ লোকে প্ৰাথমিক চিকিৎসা নকৰাকৈয়ে মৃদুল মৰাণক যাবলৈ দিয়ে৷ এই কথা পোহৰলৈ অহাত পৰিয়ালৰ লোকে ডিব্ৰুগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰি দোষীক উচিত শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে অহা ১৪ আগষ্টত সদৌ মৰাণ ছাত্ৰ সন্থাই ১০০জনীয়া বাইক ৰেলী উলিয়াই ডিব্ৰুগড় উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in