পৰিত্যক্ত ফ্লেটৰ ভিতৰত উদ্ধাৰ কন্যা শিশুৰ মৃতদেহ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰতত মঙলবাৰে এটি ৩ বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হয়৷ আৰক্ষী সুত্ৰই প্ৰকাশ কৰা অনুসৰি, চুৰতৰ এটা নৱ নিৰ্মিত অট্টালিকাৰ এটা খালী ফ্লেটৰ ভিতৰত শিশু কন্যাটিৰ মৃতদেহ বিল্ডিংটোৰ এজন চাফাই কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে৷ ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষত-বিক্ষত অৱস্থাত কন্যা শিশুটোৰ মৃতদেহটো উদ্ধাৰ কৰে৷

আৰক্ষীয়ে কন্যা শিশুটোক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে৷ আনফালে আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, ১৪ অক্টোবৰত চুৰতৰ লিম্বায়ত আৰক্ষী থানাত এটি শিশুৰ সন্ধানহীন হোৱাৰ গোচৰ ৰুজু কৰা হৈছিল৷ উদ্ধাৰ হোৱা শিশুটিৰ মৃতদেহটো সন্ধানহীন হোৱা শিশুটিৰ নেকি এই সন্দৰ্ভত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে নিশ্চিত হ'ব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in