অসহায় পিতৃ-মাতৃ! বুধবাৰৰ নিশাৰ পৰা ৫মহীয়া শিশুৰ মৃতদেহক লৈ মহানগৰীৰ ব্যক্তিগত হাস্পতালত পৰিয়ালৰ ক্ৰন্দন

অসহায় পিতৃ-মাতৃ! বুধবাৰৰ নিশাৰ পৰা ৫মহীয়া শিশুৰ মৃতদেহক লৈ মহানগৰীৰ ব্যক্তিগত হাস্পতালত পৰিয়ালৰ ক্ৰন্দন

ডিজিটেল ডেস্কঃ মহানগৰীৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ নামত পৰিয়ালক আৰ্থিতভাৱে শাৰাশাস্তি কৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে। এইবাৰ এখন হাস্পতালত নিউমোনিয়াত আক্ৰান্ত এটি কণমানি শিশুৰ মৃত্যুৰ পিছত অনাদায় হৈ থকা বলিৰ বাবে শিশুটিৰ মৃতদেহ আবদ্ধ কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পৰিয়ালবৰ্গই।

ঘটনাৰ বিৱৰণী মতে, নিউমোনিয়াত আক্ৰান্ত ৫ মহীয়া এটা শিশুক ৬ আগষ্টত ভৰ্তি কৰা হৈছিল মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত। ৪ নং মহলাৰ বেড নং- ৫ত ববীদুল ইছলাম নামৰ দেৱ শিশুটিক অতি সংকটজনক অৱস্থাত ভৰ্তি কৰিছিল সোণতলীৰ গৰৈমাৰীৰ নুৰুল্লা আহমেদে।

চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে মৃত্যু ঘটে ৫ মহীয়া শিশুটিৰ। পৰিয়ালৰ লোকে অভিযোগ কৰে যে, চিকিৎসাধীন হৈ থকা শিশুটিৰ মৃত্যুৰ পিছতো চিকিৎসকে পৰিয়ালক জানিবলৈ নিদি ২১ আগষ্টতহে শিশুটিৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।

পৰিয়ালে এই বুলিও অভিযোগ কৰে যে, অনাদায় হৈ থকা ধনৰাশি আদায় নিদিয়াকৈ শিশুটিৰ মৃতদেহ পৰিয়ালক গতাই দিবলৈ হাস্পতাল কৰ্তৃপক্ষই অস্বীকাৰ কৰে। পৰিয়ালটোৱে লগতে অভিযোগ কৰে যে, তেওঁলোকৰ হাতত থকা ৩০ হাজাৰ টকা দিব বিচাৰে যদিও সেই ধনৰ ভিত্তিতে অনাদায় হৈ থকা বৃহৎ ধনৰাশি সম্পূৰ্ণ ৰেহাই দিব পৰা নাযাব বুলি হাস্পতাল কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে। অৱশ্যে বিয়লি ৩ বজাৰ পিছত দুয়োপক্ষৰ বুজাবুজিত পৰিয়ালৰ লোকক শিশুটিৰ মৃতদেহ গতাই দিয়া বুলি জানিব পৰা গৈছে।

আনহাতে হাস্পতালখনৰ কৰ্তৃপক্ষই শিশুটিৰ পৰিয়ালে অনা অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰে। এই সন্দৰ্ভত এক বিতং স্পষ্টীকৰণ তেওঁলোকে ৰাইজৰ জ্ঞাতাৰ্থে দাঙি ধৰিব বুলিও 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণক জানিবলৈ দিছে। হাস্পতালখনৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে কয় যে, চিকিৎসা ব্যয়ৰ ৩০ শতাংশ ধনো পৰিয়ালটোৱে দৰাচলতে আদায় দিয়া নাই। আনহাতে পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ কথা অনুমান কৰিয়ে প্ৰথম অৱস্থাতে শিশুটিক জি এম চি লৈ স্থানান্তৰিত কৰাৰ পৰামৰ্শ দিয়া হৈছিল যদিও এই কথাত তেওঁলোক মান্তি হোৱা নাছিল।

ইফালে গুৰুতৰভাৱে অসুস্থ শিশুটিৰ প্ৰাণ ৰক্ষাৰ বাবে অত্যাৱশ্যকীয় ঐষধ যোগানৰ বাবেও ব্যৱস্থা কৰিব নোৱাৰা শিশুটিৰ পৰিয়ালটোৱে বুধবাৰে নিশা শিশুটিৰ মৃত্যুৰ পিছতে এক নতুন কাহিনী ৰচনা কৰে। এই বিষয়ে বিস্তৃত এক টোকা শুকুৰবাৰে আগবঢ়োৱাৰ বিষয়েও হাস্পতালখনৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in