ঠাকুৰীয়াপাৰাত আক্ৰাছু-কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগ চিলাৰায় দিৱস উদ্‌যাপন

ঠাকুৰীয়াপাৰাত আক্ৰাছু-কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগ চিলাৰায় দিৱস উদ্‌যাপন

ডিজিটেল সংবাদ, টংলাঃ আক্ৰাছুৰ ওদালগুৰি জিলা সমিতি-পশ্চিম আৰু ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল, যুৱ আৰু মহিলা সন্মিলনীৰ উদ্যোগত ঠাকুৰীয়াপাৰা আৰু খৈৰাবাৰী আঞ্চলিক সমিতিৰ সহযোগত ঠাকুৰীয়াপাৰা-ৰাণীপুখুৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৫০৯ তম্‌ কেন্দ্ৰীয় চিলাৰায় দিৱসৰ বুধবাৰে সামৰণি পৰে ৷ ১৯ ফেব্ৰুৱাৰীত বন্তি প্ৰজ্জ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নাৰায়ণ বৰ্মনে ৷ বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে সন্তোষ বৰ্মনে ৷ বুধবাৰে দুপৰীয়া ধীৰেণ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত আক্ৰাছুৰ সাংগঠনিক সম্পাদক ৰত্নেশ্বৰ পাটোৱাৰীয়ে কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতিখন চৰকাৰ জনজাতিকৰণকে ধৰি কমতাপুৰ দাবীৰ সন্দৰ্ভত জনগোষ্ঠীটোক আভূৱা ভাৰি অহা বুলি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

আক্ৰাছুৰ ভেৰগাঁও জিলা সমিতিৰ সভাপতি হেমন্ত বৰা কোচে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষণত বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰীয়ে শৌয-বীৰ্যৰে পৰিপুষ্ট কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সকলো বৈশিষ্ট্য আছে আৰু সেয়ে জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বাবে বিটিচি পৰিষদীয় চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অহা বুলি মুকলিকৈ ঘোষণা কৰে ৷ কোচ-ৰাজবংশী জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ পুনৰোদ্ধাৰ বাবে জনগোষ্ঠীটোৰ কাণ্ডাৰীসকলক আহ্বান জনায় ৷

সভাত মুখ্য অতিথিৰ ভাষণত আক্ৰাছুৰ তথ্য আৰু প্ৰচাৰ সম্পাদক কৰ্মেশ্বৰ ৰায়ে কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ বাবে আক্ৰাছুয়ে সংগ্ৰামী আন্দোলন চলাই আহিছে ৷ এই আন্দোলনত জনগোষ্ঠীটোৰ সকলোৱে নিজ নিজ ক্ষেত্ৰৰ পৰা অৰিহনা যোগাব লাগিব ৷ শৈক্ষিক-সামাজিক আৰু অৰ্থনৈতিক দিশতো জাতিটো আগবঢ়াই নিয়াৰ বাবে ৰাইজক আহ্বান জনায়। ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাবে শিক্ষাৰ প্ৰসাৰ-প্ৰচাৰত গুৰুত্ব দিয়াৰ উপৰি নৱ প্ৰজন্মক নিজ জনগোষ্ঠীৰ প্ৰতি শ্ৰদ্ধাশীল আৰু দায়িত্বশীল হোৱাৰ আহ্বান জনাই আক্ৰাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকজ কৰ্মেশ্বৰ ৰায়ে ৷

আনহাতে, উক্ত সভাত নিৰ্দিষ্ট বক্তাৰূপে বিশিষ্ট নিবন্ধকাৰ দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰে মহাবীৰ চিলাৰায়ক অসমীয়া জাতিৰ আদি গুৰু বুলি উনুকিয়াই তেওঁ দেখুৱাই থৈ যোৱা জাতি-প্ৰেম আৰু দেশ প্ৰেমৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জাতিটোৰ উন্নয়নৰ বাবে অগ্ৰসৰ হোৱাৰ বাবে আহ্বান জনায় ৷ ৭০ লাখ জনসংখ্যাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে ৬০ দশকৰ পৰা জনজাতিকৰণৰ লগতে প্ৰাপ্য দাবীত আন্দোলন চলাই অহাৰ পিছতো চৰকাৰক আমি দাবী পূৰণৰ বাবে বাধ্য কৰিব পৰা নাই ৷ জনগোষ্ঠীটো ঐক্যবদ্ধভাৱে আন্দোলন চলাই বিকল্প ৰাজনৈতিক শক্তিৰ সৃষ্টি কৰিব পাৰিলেহে কোচ ৰাজবংশীৰ প্ৰাপ্য অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেতিয়াহে জাতিটোয়ে মহাবীৰ চিলাৰায়ৰ বংশধৰ ৰূপে প্ৰতিপন্ন হ'ব বুলি মন্তব্য কৰে ৷

সভাখনত ভেৰগাঁঁও জিলা মূল সমিতিৰ উপদেষ্টা নীলধৰ ডেকা, জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি সম্পাদক ক্ৰমে শিৱৰাম ডেকা আৰু হেমধৰ ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in