নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ নসত্ৰস্থিত আধ্যাত্মিক চিন্তা-চৰ্চাৰ কেন্দ্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত বুধবাৰে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাজ্যখনত ৬ এপ্ৰিলত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত বুধবাৰে কৃষ্ণগুৰু সেৱাশ্ৰমত গুৰুৰ আশীষ বিচাৰি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মুখ্যমন্ত্ৰীগৰাকীৰ স'তে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় সাংসদ তপন গগৈ, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী।মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ পোনপ্ৰথমে সুবৰ্ণ কূড়ত প্ৰবেশ কৰি নাম-জপ কৰাৰ পিছত কৃষ্ণগুৰু প্ৰভুৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই মূল কীৰ্ত্তন ঘৰত প্ৰবেশ কৰি সেৱা লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

গুৰুগৃহত গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামী আইৰ আশীষ গ্ৰহণ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- "অহা ২ মে'ত হিচাপ-নিকাচ ওলাই যাব। কিন্তু এটা কথা , উজনি- নামনি, বৰাক- ব্ৰহ্মপুত্ৰ, পাহাৰ -ভৈয়ামত এতিয়া নিৰ্বাচন শেষ হ'ল ।এতিয়া স্পষ্ট হৈছে যে, অসমত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাটো নিশ্চিত।"

বিজেপিয়ে অকলে মেজিক নম্বৰ পাব বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ কয় যে, "দুদিনমান যোৱাৰ পিছতহে আপোনালোকক কম কিমান আসন পাম। মিত্ৰজোঁটৰ সকলোৱে মিলি লগাতকৈ বেছি আসন পাম। চৰকাৰ মুঠতে গঠন হোৱাটো খাটাং । অসমৰ ৰাইজে গোটেই কামখিনি সম্ভৱ কৰি তুলিছে আৰু অসমৰ ৰাইজে ইমান শৃংখলাবদ্ধভাবে এইবাৰ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে, সংবাদ মাধ্যমেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বা সকলো ৰাইজে যিখিনি সহযোগিতা আগবঢ়াইছে তাৰ বাবে মই অসমৰ ৰাইজলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ ।কাৰণ গণতন্ত্ৰত ৰাইজেই সৰ্বোচ্চ শক্তি । আৰু ৰাইজৰ এই অংশগ্ৰহণে আমাৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিলে।শৃংখলাবদ্ধতাই গণতন্ত্ৰৰ মৰ্যাদা বৃদ্ধি কৰিছে।"

কোৰোনা মহামাৰী সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে – কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স'তে সন্ধিয়া ৬:৩০ বজাত মুখ্যমন্ত্ৰীসকলৰ ভিডিঅ' কনফাৰেন্স আছে। এই কনফাৰেন্সৰ যোগেদি প্ৰধানমন্ত্ৰীয়ে তেখেতৰ যিখিনি পৰামৰ্শ আছে সেই পৰামৰ্শ আগবঢ়াব আৰু ৰাজ্য চৰকাৰ সমূহে কেনেদৰে আগবাঢ়িব লাগিব এই সন্দৰ্ভতো প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ পৰামৰ্শ অৱগত কৰাব আৰু প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱগত কৰাব বুলিও সংবাদ মাধ্যমত মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

শিখা শৰ্মাই শ্বহীদক অপমান কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- " এইকথাত নীতিগত ভাৱে সিদ্ধান্ত লোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা । শ্বহীদৰ বিৰুদ্ধে যেতিয়া এনেধৰণৰ আপত্তিজনক মন্তব্য কোনোবাই দিব আমাৰ তৰফৰ পৰা যিখিনি আইনগত ব্যৱস্থা ল'ব লাগে সেইখিনি লোৱা হৈছে।"

কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰায় ডেৰ ঘন্টা অতিবাহিত কৰাৰ পিছত বজালীৰ ভাৰেগাঁওৰ ছত্তিছগড়ত মাওবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজি শ্বহীদ হোৱা চিআৰপিএফৰ জোৱান দিলীপ কুমাৰ দাসৰ ঘৰলৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in