কোভিডত প্ৰান হেৰুৱা এনএইচএমৰ বিষয়া বদন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী…

কোভিডত প্ৰান হেৰুৱা এনএইচএমৰ বিষয়া বদন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্ক : ৰাজ্যত কোভিডে বিভীষিকাৰ সৃষ্টি কৰিছে । কোভিতৰ ফলত বহু জনৰ মৃত্যু হয় । বৃহস্পতিবাৰে কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় এনএইচএমৰ বিষয়া বদন দাসৰ । বদন দাস এনএইচএমৰ এগৰাকী দায়িত্বশীল বিষয়া আছিল ।

ৰাজ্যখনক কোভিডৰ পৰা ৰক্ষা কৰিবলৈ বৰঝাৰ আন্তৰ্জাতিক বিমান বন্দৰত সেৱা আগবঢ়াইছিল বিষয়া গৰাকীয়ে । বিষয়া গৰাকীয়ে নিজৰ নিষ্ঠাবান কৰ্মৰে সকলোৰে প্ৰিয়ভাজন হৈ পৰিছিল । গুৱাহাটী মহানগৰাৰৰ পাঞ্জাবাৰী জুৰিপাৰৰ বাসিন্দা বদন দাসৰ গৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in