মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সফলতা কামনাৰে শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বন্তি প্ৰজ্বলন…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সফলতা কামনাৰে শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বন্তি প্ৰজ্বলন…

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সোমবাৰে গঠন হোৱা নতুন মন্ত্ৰী সভাৰ সৰ্বাংগীন সফলতা আৰু নব মনোনীত মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীগণৰ সুস্বাস্থ্য ,সফল আৰু সবল নেতৃত্বৰ বাবে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়।

উত্তৰ অসমৰ অন্যতম সত্ৰীয়া পীঠ স্থান ঢকুৱাখনা মহকুমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত সোমবাৰে এই প্ৰাৰ্থনা জনোৱা হয়। সত্ৰখনৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামী , ডেকা সত্ৰীয়া ভোগেন্দ্ৰ দেৱ গোস্বামী , আৰু সত্ৰীয়া অতুল চন্দ্ৰ দেৱ গোস্বামীয়ে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নতুন কেবিনেট মন্ত্ৰী সভাই শপত গ্ৰহণ কৰাৰ পাছতে সত্ৰৰ মূল নামঘৰৰ গুৰু আসনত গুৰুবাদ্য, মংগল ধৱনিৰ মাজত বন্তি প্ৰজ্বলন কৰে আৰু ঘোষা পাঠ, শ্ৰৱণ কীৰ্তনেৰে গুৰু জনাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদ কামনা কৰে।

সত্ৰৰ সত্ৰাধিকাৰ গণে ইয়াৰ পাছতে নবগঠিত চৰকাৰখনৰ সৰ্বাংগীন সফলতা কামনাৰে দুপৰীয়া নাম প্ৰসঙ্গ কৰি শ্ৰী শ্ৰী বাসুদেৱ প্ৰভুজনাই মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু অন্যান্য মন্ত্ৰী গণক চৰকাৰৰ সফল পৰিচালনাৰ বাবে শক্তি ,ভক্তি প্ৰদানৰ প্ৰাৰ্থনা জনায়। লগতে অতিমাৰী কোৰোনাৰ ভয়াবহ আগ্ৰাসন ভগৱন্তই নাশ কৰাৰো সেৱা ধৰি সত্ৰ পৰিয়ালে এই মাৰাত্মক বিপৰ্যয় ৰোধত নতুন মন্ত্ৰীসভাক সৰ্বশক্তি প্ৰদানৰো ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই।

পাছত সত্ৰখনৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে উত্তৰ অসমৰ প্ৰধান বৈষ্ণৱী পীঠস্থান শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰখনৰ উৎকৰ্ষ সাধনৰ হেতু নবগঠিত ৰাজ্য চৰকাৰখনৰ সুদৃষ্টি আন্তৰিকতাৰে কামনা কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in