শেহতীয়া খবৰ
ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...

দিল্লীৰ চৰকাৰী বিদ্যালয় ভ্ৰমণ কৰিব আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পে, অনুষ্ঠানলৈ কেন্দ্ৰই নিমন্ত্ৰণেই নকৰিলে কেজৰিৱাল-চিছোদিয়াক…

1,141

ডিজিটেল ডেস্কঃ ২৪ ফেব্ৰুৱাৰীত ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানীয়া ট্ৰাম্প। ৩৬ ঘন্টাৰ বাবে ভাৰত ভ্ৰমনলৈ অহা এই কালছোৱাত দিল্লীৰ চৰকাৰী বিদ্যালয়লৈ যাব আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প। দিল্লীৰ চৰকাৰী বিদ্যালয়ত প্ৰদান কৰা হেপীনেছ ক্লাছ প্ৰত্যক্ষ কৰিব তেওঁ।

এই অনুষ্ঠানত আন কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকিব। পিছে কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকিবলগীয়া লোকৰ তালিকাত নাম নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ। আম আদমী পাৰ্টীৰ এক সূত্ৰই এই কথা সদৰি কৰিছে।

উল্লেখ্য যে, পূৰ্বে যি তালিকা প্ৰস্তুত কৰা হৈছিল সেই তালিকাত নাম আছিল কেজৰিৱাল আৰু চিছোদিয়াৰ। তেওঁলোকে মেলানীয়া ট্ৰাম্পক দক্ষিণ দিল্লী চৰকাৰী বিদ্যালয়লৈ আদৰাৰ কথা আছিল। বিশেষ অতিথি হিচাপে চৰকাৰী বিদ্যালয় ভ্ৰমন কৰিব মেলানীয়া ট্ৰাম্পে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে তেওঁ কিছু সময় মত বিনিময়ো কৰিব।

ভিভিআইপি সকল আহিবলগীয়া এই অনুষ্ঠানত উপস্থিত থাকিবলগীয়া লোকসকলৰ তালিকাৰ পৰা কেন্দ্ৰই তেওঁলোকৰ নাম কৰ্তন কৰা বুলি আপে অভিযোগ কৰিছে। উল্লেখ্য যে, দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই দুবছৰ পূৰ্বে আৰম্ভ কৰিছিল হেপীনেছ পাঠ্যক্ৰম। ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ পৰা হতাশা তথা ভাগৰ আতৰাবৰ বাবে এই পাঠ্যক্ৰমৰ আৰম্ভ কৰা হৈছিল। এই পাঠ্যক্ৰমৰ অংশস্বৰূপে দৈনিক প্ৰতিটো শ্ৰেণীকোঠাতে ৪০ মিনিটৰ শিক্ষা প্ৰদান কৰা হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি