মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈঃ প্ৰয়োজন হ’লে মই জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়লৈ যাম…

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈঃ প্ৰয়োজন হ’লে মই জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়লৈ যাম…

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে জম্মু-কাশ্মীৰ সন্দৰ্ভতদাখিল কৰা আৱেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি কয় যে, প্ৰয়োজন হ'লে তেওঁ নিজেইজম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়লৈ যাব। শুনানিগ্ৰহণৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়-'মই জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ পৰা সমীক্ষা বিচাৰিছো। এই সমীক্ষা লাভ কৰাৰ পাছতযদি মোৰ ভাব হয় যে মই তালৈ যাব লাগে তেন্তে মই নিজে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৈযাম।'

শুনানি গ্ৰহণৰ সময়ত মুখ্যন্যায়াধীশগৰাকীয়ে চৰকাৰক সোধে যে, জম্মু-কাশ্মীৰৰ পৰিৱেশ-পৰিস্থিতি সামান্য কৰিবলৈতেওঁলোকে কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে। তাৰপাছত কেন্দ্ৰ চৰকাৰে উচ্চতম ন্যায়ালয়তজনাই যে, এটাও গুলীবৰ্ষণ হোৱা নাই জম্মু-কাশ্মীৰত। অৱশ্যে কিছু কিছু ঠাইতনিষেধাজ্ঞা জাৰি কৰা আছে। লগতে কেন্দ্ৰীয় চৰকাৰে কয় যে, কাশ্মীৰৰ সকলো বাতৰিকাকতৰকাম চলি আছে। চৰকাৰে পাৰ্যমানে সকলো কাম কৰি গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in