অশালীন ভিডিঅ’ ছবি নিৰ্মাতাই ছত্তীশগড়ত কাইলৈ শপত ল’ব মুখ্যমন্ত্ৰীৰ

অশালীন ভিডিঅ’ ছবি নিৰ্মাতাই ছত্তীশগড়ত কাইলৈ শপত ল’ব মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ বহু জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত থিৰাং কৰা হ'ল কোন হ'ব ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী। কংগ্ৰেছ নেতৃত্বই বুধাবাৰে ছত্তীশগড় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেশ বঘেলক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। ইয়াৰ পিছতে সোমবাৰে সন্ধিয়া বঘেলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আনহাতে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ভূপেশ বঘেলৰ উপৰিও টি এছ সিংহদেৱ, তাম্ৰধ্বজ চাহু আৰু চৰণ দাস মহন্তৰ নামো উচ্চাৰিত হৈছিল।

দেওবাৰে দুপৰীয়া অনুষ্ঠিত হোৱা বিধায়ক বৈঠকৰ অন্তত ভূপেশ বঘেলৰ নাম ৰাজহুৱাভাৱে ঘোষণা কৰা হয়। উল্লেখ্য যে, সুদীৰ্ঘ ১৫ বছৰৰ পিছত ছত্তীশগড়ত বিজেপিক পৰাস্ত কৰি কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। সদ্য ঘোষিত ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলত ৰাজ্যখনৰ মুঠ ৯০খন বিধানসভা আসনৰ ৬৮খন আসনেই কংগ্ৰেছে নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।

আনহাতে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষিত হোৱা ভূপেশ বঘেলক ২০১৭ চনত পৰ্ণগ্ৰাফী নিৰ্মাণৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তদুপৰি 'চেক্স চিডি' নিৰ্মাণ কৰি ব্যৱসায়ীক ব্লেকমেইলিং কৰাৰো অভিযোগ আছে বঘেলৰ বিৰুদ্ধে। কিন্তু তেওঁৰ বিৰুদ্ধে এনে বহু অভিযোগ থকা সত্বেও ৰাজ্যখনত তেওঁৰ প্ৰভাৱ লক্ষণীয়। তেওঁ ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ লগতে বিগত বিধানসভা নিৰ্বাচনত ৰাজ্যখনত কংগ্ৰেছৰ জয়লাভত মুখ্য ভূমিকা লৈছিল।

আনহাতে ১৯৮৫ চনতে কংগ্ৰেছৰ সৈতে জড়িত হোৱা ভূপেশ বঘেল ৰাজ্যখনৰ বিতৰত জ্যেষ্ঠ কংগ্ৰেছী নেতা হোৱা বাবেই মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁ প্ৰবল দাবীদাৰ হিচাপে চিহ্নিত হৈছিল। লগতে ৰাজ্যবাসীয়েও ভূপেশ বঘেলকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in