বিধানসভা নিৰ্বাচনত ইভিএম চুৰি নকৰে বিজেপিয়ে, কাৰণ চোৰে সদায় চুৰি কৰিলে ধৰা পৰিবইঃ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেল

বিধানসভা নিৰ্বাচনত ইভিএম চুৰি নকৰে বিজেপিয়ে, কাৰণ চোৰে সদায় চুৰি কৰিলে ধৰা পৰিবইঃ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেল

ডিজিটেল ডেস্কঃ ছত্তীশগড়ত এবছৰ সম্পূৰ্ণ কৰিলে ভূপেশ বঘেল চৰকাৰে। দেওবাৰে চৰকাৰৰ এবছৰীয়া কাৰ্যকাল সম্পৰ্কে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ভূপেশ বঘেলে কয় যে ছত্তীশগড়ত যি ধৰণে বিকাশ হৈছে, সেয়া এসময়ত অন্য ৰাজ্যৰ বাবে প্ৰেৰণাৰ উৎস হ'ব। দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশত যিদৰে অৰ্থনৈতিক দুৰাৱস্থাই দেখা দিছে, তাৰ বিপৰীতে ইয়াৰ প্ৰভাৱ কিন্তু ছত্তীশগড়ত পৰা নাই।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ভূপেশ বঘেলে ইলেক্ট্ৰনিক ভোটিং মেছিন অৰ্থাৎ ইভিএমৰ বিষয়ো উত্থাপন কৰে। ইভিএমৰ বিসংগতিৰ বাবেই ছত্তীশগড়ত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিছিল বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ভূপেশ বঘেলে।

তেওঁ কয়, 'ইভিএমৰ বিসংগতিৰ বাবেই ছত্তীশগড়ত বিজেপিয়ে জয়লাভ কৰিছিল। যদি নিৰ্বাচন বেলট পেপাৰেৰে হ'লহেঁতেন তেন্তে ফলাফল অন্য হ'লহেঁতেন। বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ ইভিএম চুৰি নকৰে। কাৰণ যদি চোৰে সদায় চুৰি কাৰ্য সংঘটিত কৰে তেন্তে ধৰা পৰিবই। সেই কথা বিজেপিয়েও জানে। এতিয়া ৰাজখ্যনত নগৰ নিগমৰ নিৰ্বাচনৰ ভোটদান বেলট পেপাৰেৰে হৈছে, সেয়ে কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই।'

আনহাতে ছত্তীশগড়ত ভয়ংকৰ ৰূপ ধাৰণ কৰা নক্সালবাদী ঘটনা আৰু পুষ্টিহীনতা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'নক্সালবাদীৰে যুঁজিবলৈ প্ৰথমে আমি পুষ্টিহীনতাৰে যুঁজিব লাগিব। কিয়নো যদি শিশুসকল পুষ্টিহীনতাত ভূগে, মহিলাসকলে পুষ্টিহীনতাত ভূগে, তেন্তে সাধাৰণ জনতা চৰকাৰী আঁচনিৰ লাভেই ল'ব নোৱাৰিব। সেইবাবেই আমি নক্সাল প্ৰভাৱিত এলেকাত ক্লিনিক যোজনা চলাইছো, সেই অঞ্চলসমূহৰ লোকসকলক সুস্থ আৰু সৱল কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছো আৰু সফলো হৈছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in