চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ সন্ধান দিলে এজন ভাৰতীয় অভিযন্তাই

চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ সন্ধান দিলে এজন ভাৰতীয় অভিযন্তাই

ডিজিটেল ডেস্কঃ প্ৰায় ৩ মাহ ধৰি নিৰন্তৰ সন্ধান চলোৱাৰ পিছত অৱশেষত চন্দ্ৰৰ বুকুত সন্ধান পোৱা গ'ল চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ উপগ্ৰহৰ ছবিৰ সহায়ত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ ধ্ৰুৱৰ পৰা লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ সন্ধান দিবলৈ সক্ষম হয় চেন্নাইৰ এজন কম্পিউটাৰ প্ৰগ্ৰেমাৰে।

চেন্নাইৰ লিনাক্স ইণ্ডিয়া টেকন'লজি চেন্টাৰ নামৰ এটা ইঞ্জিনিয়াৰিং কোম্পানীত কৰ্মৰত মেকানিকেল ইঞ্জিনিয়াৰ তথা কম্পিউটাৰ প্ৰগ্ৰেমাৰ সন্মুগ সুব্ৰহ্মণ্যনে চন্দ্ৰযান-২ৰ সন্ধানহীন হৈ পৰা লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ সন্ধান দিবলৈ সক্ষম হয়। মাদুৰাইৰ বাসিন্দা সন্মুগে পূৰ্বে প্ৰগ্ৰেম এনলাইছিছ হিচাপে আমেৰিকাত কৰ্মৰত আছিল। লেণ্ডাৰ বিক্ৰম চন্দ্ৰৰ বুকুত সন্ধানহীন হোৱাৰ পিছত তাৰ অৱস্থানৰ কিছু ছবি অৰ্থাৎ ১৭ চেপ্তেম্বৰ, ১৪ অক্টোবৰ, ১১ আৰু ১৫ নৱেম্বৰত নাছাৰ এল আৰ অ' কেমেৰাত ধৰা পৰে। লেণ্ডাৰ বিক্ৰমৰ সন্ধান উলিয়াবলৈ সন্মুগ সুব্ৰহ্মণ্যনে নাছাৰ সেই ছবিসমূহৰ ওপৰত কেইবা সপ্তাহ ধৰি অধ্যয়ণ চলায়।

সন্মুগৰ সেই অধ্যয়ণ আৰু লেণ্ডাৰ বিক্ৰমৰ সন্ধান উলিয়াওৱাৰ বাবে কৰা কষ্টই যেন ফল পালে। নাছাৰ আলোকচিত্ৰত লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ অৱস্থিতি ধৰা পৰাত এই বিষয়ে সন্মুগে নাছালৈ পত্ৰ প্ৰেৰণ কৰে। ভাৰতীয় কম্পিউটাৰ গৰাকীৰ দাবী পৰ্যবেক্ষণ কৰি অৱশেষত নাছাৰ ডেপুটি প্ৰজেক্ট চায়েন্টিষ্ট জন কেলাৰে তেওঁলৈ পত্ৰ প্ৰেৰণ কৰি লিখে- 'লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ সন্ধান বাহিৰ কৰাৰ তথ্য আমাক জনোৱাৰ বাবে ধন্যবাদ। এল আৰ অ' চিৰ দলে সেই তথ্যৰ ভিত্তিত আৰু অধিক পৰ্যবেক্ষণ কৰি বিষয়টো নিশ্চিত হয়।'

এক বিবৃত্তিত নাছাই সদৰী কৰিছে এইদৰে, 'চেন্নাইৰ ইঞ্জিনিয়াৰ সন্মুগ সুব্রহ্মণ্যনে প্ৰথমে ধ্বংসাৱশেষ চিহ্নিত কৰে। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠৰ যি ঠাইত ক্ৰাছ লেণ্ডিং কৰিছিল তাৰ উত্তৰ পশ্চিম দিশত এটা প্ৰকাণ্ড উজ্বল পিকচেল প্ৰথমে তেওঁ চিহ্নিত কৰে। ইয়াৰ পিছতে সন্মুগে লুনাৰ ৰেকনিচেন্স অৰবিটাৰ প্ৰজেক্টৰ দায়িত্বত থকা গৱেষকসকলৰ সৈতে যোগাযোগ কৰে। তেওঁ দাবী শুনাৰ পিছতে সেই প্ৰজেক্ট দলে চন্দ্ৰযান-২ৰ অৱতৰণৰ পূৰ্বৰ আৰু পিছৰ ছবি পৰ্যবেক্ষণ কৰি নিশ্চিত হয় যে সেয়াই লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in