সাংবাদিকৰ বাবে চেন্নাইৰ চিকিৎসালয়ৰ প্ৰিভিলেজ কাৰ্ড উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ চেন্নাইৰ আগশাৰীৰ  চিকিৎসা প্ৰতিষ্ঠান ডাঃ ৰেলা ইনষ্টিটিউট এণ্ড মেডিকেল চেন্টাৰে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক সকলৰ বাবে এখন প্ৰিভিলেজ কাৰ্ড উন্মোচন কৰে। অনুষ্ঠানত উপস্থিত থাকি চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বৈভৱ পাটিল, উপ মহাপ্ৰবন্ধক মুৰুলী ধৰণ ভি, উত্তৰ পূৱৰ বাণিজ্য বিষয়া চিৰঞ্জীব শৰ্মাই প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিক সকলক এই কাৰ্ড প্ৰদান কৰে।

এই কাৰ্ডৰ জৰিয়তে সাংবাদিক সকলে ৰেলা ইনষ্টিটিউটৰ অপিডিত চিকিৎসকৰ পৰা বিনামূলীয়া প্ৰাথমিক পৰামৰ্শ লাভ কৰিব। তদুপৰি বিশেষজ্ঞৰ পৰামৰ্শত ২৫ শতাংশ, পৰীক্ষা-নিৰীক্ষাত ২০ শতাংশ, সামগ্ৰিক স্বাস্থ্য পৰীক্ষাত ২০ শতাংশ, ঔষধত ৫ শতাংশ ৰেহাইৰ সুবিধা থাকিব।

তদুপৰি চেন্নাই বিমান বন্দৰ অথবা ৰে'ল ষ্টেচনৰ পৰা চিকিৎসালয়লৈ বিনামূলীয়া বাহনৰ ব্যৱস্থা থাকিব। এই অনুষ্ঠানৰ আগমুহূৰ্তত ডাঃ পাটিলে যকৃৎ আৰু বৃক্ক ৰোগত ভুগি থকা বহুকেইজন  সাংবাদিকক  পৰামৰ্শ প্ৰদান কৰে। উল্লেখযোগ্য যে, এই অনুষ্ঠানত প্ৰায় ৬০ গৰাকী সাংবাদিকক  প্ৰিভিলেজ কাৰ্ড প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in