চেঙাত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা(অন্ন)ৰ শুভ উদ্বোধন

চেঙাত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা(অন্ন)ৰ শুভ উদ্বোধন

ডিজিটেল সংবাদ, চেঙাঃ অসম চৰকাৰৰ খাদ্য ও অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা(অন্ন)ৰ শুভ আৰম্ভ শনিবাৰে সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাৰ পূৱ চেঙা সমবায় সমিতিতো কৰা হয়। চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই শুভ উদ্বোধন কৰা আঁচনিখনৰ উদ্বোধনী সভাত সভাপতিত্ব কৰে সমবায়খনৰ সভাপতি ইকৰাম হুছেইনে।

সমবায়খনৰ সচিব আব্দুল ওহাবে উদ্দেশ্য ব্যাখ্যা কৰি আঁচনিখনৰ বহল ব্যাখ্যা দাঙি ধৰে আৰু চৰকাৰৰ এই অভিলাষী আঁচনিৰ প্ৰশংসা কৰাৰ লগতে এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ হিতাধিকাৰীসকল উপকৃত হ'ব বুলি উল্লেখ কৰে। সচিবগৰাকীয়ে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট সন্দৰ্ভতো প্ৰশংসাসূচক মন্তব্য কৰে।

উদ্বোধনীসভাখনত বৰপেটা জিলা সমবায় সমূহৰ জ্যেষ্ঠ পৰিদৰ্শক মনোজ কুমাৰ শৰ্মা, হৰিপুৰ জিলা পৰিষদৰ সদস্য আমজাদ হুছেইন, চেঙা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰচমিনা পাৰবিনৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। লক্ষণীয় যে, শনিবাৰৰ এই উদ্বোধনী সভাখনত দুই সহস্ৰাধিক হিতাধিকাৰী উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in