প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO

প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ ৰাজ্যত অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। এই বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত বৃহস্পতিবাৰে পুনৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে চেঙা আঞ্চলিক ছাত্ৰ সন্থাই।

স্থানীয় শ্বহীদ ভৱনত বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীত সংগঠনটোৰ শতাধিক সদস্যই হাতে হাতে প্লে'-কাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসম চুক্তিৰ উলংঘা মানি লোৱা নহ'ব, সৰ্বানন্দ সোণোৱাল হায় হায়, নৰেন্দ্ৰ মোডী হায় হায়, অসম চৰকাৰ হায় হায়, মোডী চৰকাৰ হায় হায়! আদি শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপেন তালুকদাৰে যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বলৈ নিদিয়াৰ হুংকাৰ দিয়ে।

বিক্ষোভ কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ নেতা খনিন পাঠক, চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নয়নমণি দাস, সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ৰয়কে ধৰি কেইবাজনো বিষয়-ববীয়া উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in