চেঙাত বাদশ্বাহ ক্লাৱৰ সৌজন্যত এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা…

চেঙাত বাদশ্বাহ ক্লাৱৰ সৌজন্যত এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা…

ডিজিটেল সংবাদ, চেঙা: বৰপেটা জিলাৰ চেঙা বাদশ্বাহ ক্লাৱৰ সৌজন্যত দেওবাৰে এখন প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । পূব চেঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এদিনীয়া প্ৰতিযোগিতাখনত বৰপেটা আৰু নলবাৰীৰ ৮টা দলে অংশগ্ৰহণ কৰে ।

চেঙাৰ উদ্যমী যুৱক ইলিয়াচ আলীয়ে উদ্বোধন কৰা প্ৰতিযোগিতাখনত চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাই প্ৰথম পুৰস্কাৰ ৫০০১ টকা লাভ কৰাৰ বিপৰীতে দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা লাভ কৰে চেঙা মুছলমান পাৰা জিম চেন্টাৰ দলে।

ৰৌচান আলীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া আৰু বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকে ভাষণ প্ৰদান কৰে। প্ৰতিযোগিতাখন পৰিচালনা কৰে জাকিৰ আলী, বাপু ৰয় আৰু বিপ্লৱ দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in