তাৰাবাৰী আৰক্ষীৰ জালত ২ গভাইত চোৰ, উদ্ধাৰ চুৰি সামগ্ৰী…

তাৰাবাৰী আৰক্ষীৰ জালত ২ গভাইত চোৰ, উদ্ধাৰ চুৰি সামগ্ৰী…

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে দুটাকৈ গভাইত চোৰ। ধৃত চোৰ দুটা বৰপেটা সদৰ থানাৰ অন্তৰ্গত ভেল্লাৰ হুছেইন আলীৰ পুত্ৰ মহিবুল আলী ওৰফে বাবু (২৮) আৰু পুঠিমাৰী বজাৰৰ ৱাহিদ আলীৰ পুত্ৰ চামচুল হক (৪৭) বুলি জানিব পৰা গৈছে । বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ প্ৰদীপ শইকীয়াৰ নেতৃত্বত আৰু তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীৰ তৎপৰতাত বিশেষ খবৰৰ ভিত্তিত বুধবাৰে নিশা অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় চোৰ দুটাক।

ধৃত চোৰ কেইটাৰ পৰা চুৰি সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তাৰাবাৰী আৰক্ষীয়ে । উল্লেখ্য যে, যোৱা ১৮ অক্টোবৰৰ নিশা তাৰাবাৰী থানাৰ অন্তৰ্গত চনেট্টাৰী গাঁৱৰ ময়জুদ্দিন আহমেদৰ খংৰাস্থিত গেলামালৰ গুদামত ছাটাৰ ভাঙি চোৰৰ এটি বৃহৎ দলে সংঘটিত কৰিছিল চুৰি কাৰ্য । চুৰি ঘটনাটোৰ সন্দৰ্ভত ময়জুদ্দিন আহমেদে তাৰাবাৰী আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। তাৰাবাৰী আৰক্ষী থানাত ২৩৫/২১ নম্বৰত গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৪৬১/৩৭৯ ধাৰাত ৰুজু হৈছিল গোচৰ। উক্ত গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে তাৰাবাৰী আৰক্ষীয়ে ধৃত চোৰ দুটাক বৰপেটা আদালতত হাজিৰ কৰায় বুলি জানিব পৰা গৈছে। আনহাতে চোৰৰ বৃহৎ চক্ৰটোৰ কেইবাগৰাকী চোৰ পলাতক হৈ থকা বুলি জানিবলৈ দিয়ে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in