উপায়ুক্তৰ কাৰ্যালয়ৰ নাম লৈ উৎকোচ সংগ্ৰহ! কেমেৰাত বন্দী দৃশ্য… চাওঁক VIDEO

উপায়ুক্তৰ কাৰ্যালয়ৰ নাম লৈ উৎকোচ সংগ্ৰহ! কেমেৰাত বন্দী দৃশ্য… চাওঁক VIDEO

ডিজিটেল সংবাদ, চেঙা: দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল বুলি দাবী কৰা চৰকাৰখনৰ দিনত প্ৰকৃততে দুৰ্নীতি নিৰ্মূল হৈছে নে ? এতিয়া এয়াই হৈছে ডাঙৰ প্ৰশ্ন। বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মচাৰীৰ নাম লৈ একাংশ দুষ্ট চক্ৰই সংঘটিত কৰিছে দুৰ্নীতি। গোপন কেমেৰাত আৱদ্ধ উৎকোচ লোৱাৰ দৃশ্য।

চেলিম আজাদ নামৰ এগৰাকী মহৰীয়ে লৈছে উৎকোচ । চেলিম আজাদৰ ঘৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বালাপাৰা গাঁৱত । চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মহৰীৰ কাম কৰে চেলিম আজাদে ।

এইজন লোকে বিভিন্ন জনৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মচাৰীৰ নাম লৈ ভয়-ভাবুকিৰে উৎকোচ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । অফিচত টকা নিদিলে কাম নহয় বুলি কয় চেলিম আজাদে।

বুধবাৰে ফজৰ আলী নামৰ যুৱক এজনৰ পৰা জন্মৰ প্ৰমাণ পত্ৰ শুধৰণিৰ নামত এহেজাৰ টকাৰ উৎকোচ লয় চেলিম আজাদে । উৎকোচ লোৱাৰ দৃশ্য বন্দী হয় গোপন কেমেৰাত।

উপায়ুক্তৰ কাৰ্যালয়ত চলি আছে নেকি এনেধৰণৰ দুৰ্নীতি? এই লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে প্ৰশ্নৰ । সাধাৰণ জনতাক হাৰাশাস্তি কৰা এনে দুৰ্নীতিপৰায়ণ ব্যক্তিৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in