চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ ফলক আলোচনী উন্মোচন…

চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ ফলক আলোচনী উন্মোচন…

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মধ্য কামৰূপ মহাবিদ্যালয়ত সোমবাৰে ৰাজনীতি বিজ্ঞান বিভাগে বিভাগীয় ফলক আলোচনী 'আভাকানন' নামেৰে সাম্প্ৰতিক সময়ৰ চিত্ৰখন অংকন কৰি সাংকেতিক অৰ্থত প্ৰকাশ কৰে। ফলক আলোচনীখন উন্মোচনীৰ লগতে ৰাজনীতি বিজ্ঞান বিভাগে "The importance of Kautilya's Arthashastra in contemporary system of governance" বিষয়ক এখনি বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰে।

সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰে বিভাগটোৰ সহকাৰী অধ্যাপক বানেশ্বৰ বেজবৰুৱাই। অনুষ্ঠানটো বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰা হয়। বন্তি প্ৰজ্জ্বলন কৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° হৰেন্দ্ৰ নাথ তালুকদাৰে ফলক আলোচনী 'আভাকানন'খনে এক নতুন ধাৰণা বিদ্যাৰ্থীসকলৰ মাজত জগাই তুলিব বুলি আশা প্ৰকাশ কৰে। সোমবাৰৰ দুয়োটা কাৰ্যসূচীতে সভাপতিত্ব কৰে বিভাগীটোৰ মুৰব্বী অধ্যাপক ৰিপুঞ্জয় ডেকাই।

ফলক আলোচনীখন উন্মোচন কৰাৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গোপেশ কুমাৰ শৰ্মাই বক্তৃতা অনুষ্ঠানটোৰ উদ্বোধনী ভাষণত কয় যে- আভাকানন ফলক আলোচনীখনত চাৰিটা বিষয় ক্ৰমে জনবিষ্ফোৰণ, উগ্ৰবাদ, গোলকীয় উষ্ণতা আৰু বিদ্ৰোহক বিশ্ব সমসাময়িক সমস্যাক চিত্ৰৰ মাজেৰে ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰকৈ তুলি ধৰি ইয়াৰ ভয়াবহতাৰ চিন্তা উদ্ৰেক কৰিছে। বক্তৃতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কৃষ্ণগুৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ নিৰ্মল দাসে সমসাময়িক শাসন ব্যৱস্থাত কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ গুৰুত্বৰ ওপৰত এক সাৱলীল বাখ্যা আগবঢ়ায়। 

উপাধ্যক্ষ নিৰ্মল দাসে কয় যে- ভাল শাসনৰ এক ধাৰণা দিবলৈ কৌটিল্য সফল হ'ব পাৰিছে বুলি কয়। কৌটিল্যই এখন ভাল চৰকাৰ কেনে হ'ব লাগে অৰ্থশাস্ত্ৰত সুন্দৰকৈ দেখুৱাবলৈ প্ৰয়াস কৰিছিল। মন্ত্ৰীবৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব দিছে অৰ্থশাস্ত্ৰত। ৰজাজন ধৰ্মনিৰপেক্ষ হ'ব লাগে বুলি কৈছিল। দেশ এখন সম্পদশালী হোৱাটোৰ ওপৰত কৌটিল্যই অৰ্থশাস্ত্ৰত দাঙি ধৰিছিল। সামগ্ৰিকভাবে কৌটিল্যৰ অৰ্থশাস্ত্ৰখনে সমসাময়িক আধুনিক শাসন ব্যৱস্থাৰ ধাৰণা তাহানি কালতে চিত্ৰাংকণ কৰি যুগজয়ী খিয়াতি লাভ কৰিছে বুলি উপাধ্যক্ষ  নিৰ্মল দাসে মন্তব্য কৰে। অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ভৈৰব চন্দ্ৰ দাসে দেশ শাসনৰ বাবে আৰ্থিক দিশ সুপৰিচালনাৰ ওপৰত কৌটিল্যৰ বাখ্যাৰ চমু আলোকপাত কৰে। বক্তৃতা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় বিভাগৰ সহকাৰী অধ্যাপক ভাৰ্গৱ বৰ্মনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in